• Home
  • »
  • News
  • »
  • nation
  • »
  • উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক উচ্চতম ন্যায়ালয়ৰ বৃহৎ সকাহ, হিংসাত্মক ভাষ্য দিয়াৰ বাবে নচলিব কোনো গোচৰ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক উচ্চতম ন্যায়ালয়ৰ বৃহৎ সকাহ, হিংসাত্মক ভাষ্য দিয়াৰ বাবে নচলিব কোনো গোচৰ

যোগী আদিত্যনাথৰ হিংসাত্মক ভাষ্যৰ বাবে সংঘৰ্ষ হৈছিল আৰু উক্ত সংঘৰ্ষত ১০ জন লোকৰ মৃত্যু হৈছিল।

যোগী আদিত্যনাথৰ হিংসাত্মক ভাষ্যৰ বাবে সংঘৰ্ষ হৈছিল আৰু উক্ত সংঘৰ্ষত ১০ জন লোকৰ মৃত্যু হৈছিল।

যোগী আদিত্যনাথৰ হিংসাত্মক ভাষ্যৰ বাবে সংঘৰ্ষ হৈছিল আৰু উক্ত সংঘৰ্ষত ১০ জন লোকৰ মৃত্যু হৈছিল।

  • Share this:
উত্তৰ প্ৰদেশৰ গোৰখপুৰত ২০০৭ চনত প্ৰদান কৰা এক হিংসাত্মক ভাষ্যৰ গোচৰ সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সকাহ পালে। উক্ত ঘটনাৰ সম্পৰ্কত দেশৰ উচ্চতম ন্যায়ালয়ে শুনানিৰ অন্তত নিজৰ সিদ্ধান্তত কয় যে হিংসাত্মক ভাষ্য দিয়াৰ বাবে যোগীৰ ওপৰত কোনো ধৰণৰ গোচৰ নচলিব। উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত দিয়া শুনানি নিজৰ মোহৰ লগাইছে। দৰাচলতে, মুখ্যমন্ত্ৰী যোগীৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমোদন অস্বীকাৰ কৰাৰ সিদ্ধান্তক উচ্চতম ন্যায়ালয়ত এক প্ৰত্যাহ্বান জনোৱা হৈছিল।

উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে ২০০৭ চনত গোৰখপুৰত হোৱা সংঘৰ্ষৰ গোচৰ প্ৰত্যাহাৰক প্ৰত্যাহ্বান জনোৱা আবেদনৰ ওপৰত নিজৰ আদেশ বাহাল ৰাখিছিল। আৱেদনখনত উল্লেখ কৰা হৈছিল যে যোগী আদিত্যনাথৰ হিংসাত্মক ভাষ্যৰ বাবে সংঘৰ্ষ হৈছিল আৰু উক্ত সংঘৰ্ষত ১০ জন লোকৰ মৃত্যু হৈছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ে আৱেদনখন খাৰিজ কৰাৰ পিছত, আবেদনকাৰী পাৰভেজ পাৰৱাজে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰে।

মন কৰিবলগীয়া যে, ২০১৮ চনৰ ২১ আগষ্টত উচ্চতম ন্যায়ালয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে জড়িত ২০০৭ চনত সংঘটিত হোৱা গোৰখপুৰ সংঘৰ্ষৰ গোচৰটো বাদ দিয়াৰ প্ৰত্যাহ্বান জনোৱা এখন আবেদনৰ ওপৰত উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা উত্তৰ বিচাৰিছিল। তদানীন্তন চিজেআই দীপক মিশ্ৰাৰ নেতৃত্বত এখন বিচাৰপীঠে জাননী জাৰি কৰিছিল আৰু চাৰি সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ পৰা উত্তৰ বিচাৰিছিল। শুক্ৰবাৰে শুনানিৰ সময়ত যোগীৰ হৈ আদালতত হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগীয়ে কয় যে বিচাৰ আদালতে এই গোচৰ বন্ধৰ প্ৰতিবেদনটো গ্ৰহণ কৰিছে, যিটো এলাহাবাদ উচ্চ ন্যায়ালয়ে বাহাল ৰাখিছে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ তৰফৰ পৰা মুকুল ৰোহতগীয়ে আদালতত দলিল দি কৈছিল যে এই আৱেদনখন বৃহৎ জৰিমনাৰে প্ৰত্যাখান কৰিব লাগে। একে সময়তে, কপিল শিব্বালে ২০০৭ চনৰ গোৰখপুৰ সংঘৰ্ষ আৰু যোগীৰ বক্তব্যক লৈ হোৱা বিতৰ্কত তৰ্ক কৰিবলৈ অস্বীকাৰ কৰিছিল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি