‘‘অৰবিন্দ কেজৰিৱাল ‘নমুনা’, চৰকাৰী ধন খৰচ কৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কৰোৱাইছে প্ৰতিবাদ’’

News18 Assam | News18-Assam
Updated:February 2, 2020, 5:56 PM IST
‘‘অৰবিন্দ কেজৰিৱাল ‘নমুনা’, চৰকাৰী ধন খৰচ কৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কৰোৱাইছে প্ৰতিবাদ’’
যোগী আদিত্যনাথৰ মতে, ‘চৰকাৰী ধন খৰচ কৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰোৱাইছে কেজৰিৱালে।’

যোগী আদিত্যনাথৰ মতে, ‘চৰকাৰী ধন খৰচ কৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰোৱাইছে কেজৰিৱালে।’

  • Share this:
দিল্লী বিধানসভা নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে শাসক বিৰোধীৰ মাজত। অৰবিন্দ কেজৰিৱালক ৰুধিবলৈ এতিয়া সৰ্বশক্তি প্ৰয়োগ কৰিছে বিজেপিয়ে। নিৰ্বাচনী প্ৰচাৰত নামিছে ইজনৰ পিছত সিজন হাই প্ৰফাইল নেতা। দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এইবাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অৰবিন্দ কোজৰিৱালৰ বিৰুদ্ধে কৰিছে কেত বোৰ বিস্ফোৰক মন্তব্য।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ‘নমুনা’ আখ্যা দি, যোগী আদিত্যনাথে কয় যে, অৰবিন্দ কেজৰিৱালে চৰকাৰী ধন খৰচ কৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কৰোৱাইছে প্ৰতিবাদ। জনতাৰ কল্যানৰ কাৰণে কাম কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে কেজৰিৱাল চৰকাৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি