‘অনুচ্ছেদ ৩৭০ বাতিল কৰাত কেজৰিৱাল আৰু পাকিস্তানে বৰ দুখ পালে’

News18 Assam | News18-Assam
Updated:February 2, 2020, 10:38 PM IST
‘অনুচ্ছেদ ৩৭০ বাতিল কৰাত কেজৰিৱাল আৰু পাকিস্তানে বৰ দুখ পালে’
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ধাৰাবাহিক আক্ৰমণ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ধাৰাবাহিক আক্ৰমণ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ

  • Share this:
দিল্লীত এতিয়া নিৰ্বাচনৰ বতৰ। দিল্লীত অৰবিন্দ কেজৰিৱালৰ চৰকাৰ ওফৰাবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিছে বিজেপিয়ে। প্ৰধানমন্ত্ৰী নৰন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে প্ৰচাৰত নামিছে দলৰ প্ৰায় সকলো শীৰ্ষ পৰ্যায়ৰ নেতা।

দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সমালোচনাৰে থকা–সৰকা কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

নিৰ্বাচনী প্ৰচাৰ চলাই যোগী আদিত্যনাথে কয় যে, ‘যেতিয়া জম্মু–কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ বাতিল কৰা হৈছিল, তেতিয়া পাকিস্তান আৰু অৰবিন্দ কেজৰিৱালে বহুত দুখ পাইছিল। কেজৰিৱালক এতিয়া পাকিস্তানৰ মন্ত্ৰীয়ে সমৰ্থন কৰি কথা কয়। দিল্লীত এতিয়া কেজৰিৱালে চাৰিওফালে অৰাজক পৰিৱেশৰ সৃষ্টি কৰিছে। অৰবিন্দ কেজৰিৱাল শ্বাহিনবাগৰ ঘটনাৰ পক্ষত।’
আৰু চাওক
পৰৱৰ্তী বাতৰি