• Home
  • »
  • News
  • »
  • nation
  • »
  • Cold Wave : উত্তৰাখণ্ডত য়েলো এলাৰ্ট, ৰাজস্থানত অৰেঞ্জ এলাৰ্ট, দিল্লীতো পৰিস্থিতি ভয়ংকৰ!

Cold Wave : উত্তৰাখণ্ডত য়েলো এলাৰ্ট, ৰাজস্থানত অৰেঞ্জ এলাৰ্ট, দিল্লীতো পৰিস্থিতি ভয়ংকৰ!

উত্তৰ ভাৰতত প্ৰচণ্ড শীত

উত্তৰ ভাৰতত প্ৰচণ্ড শীত

Cold Wave : উত্তৰ ভাৰত (North India)ত প্ৰচণ্ড শীতে জনজীৱন বিপৰ্যস্ত কৰি পেলাইছে। শনিবাৰে সমগ্ৰ উত্তৰভাৰতত তাপমান (temperature) আৰু তললৈ নামে।

  • Share this:
অসমত শীতৰ আমেজ ভালকৈ ল'বই পোৱা নাই মানুহে, কিন্তু উত্তৰ ভাৰত (North India)ত প্ৰচণ্ড শীতে (Winter) জনজীৱন বিপৰ্যস্ত কৰি পেলাইছে। শনিবাৰে সমগ্ৰ উত্তৰভাৰতত তাপমান (temperature) আৰু তললৈ নামে। বতৰ বিজ্ঞান কেন্দ্ৰ (India Meteorological Department)ৰ মতে ৰাজধানী দিল্লীত শনিবাৰে তাপমান এই বছৰৰ এতিয়ালৈ সৰ্বনিম্ন ৬ ডিগ্ৰী চেলচিয়াছ হয়গৈ। সৰ্বাধিক তাপমান ২০ ডিগ্ৰী চেলচিয়াছ। ইয়াৰ লগতে ঘন কুৱলীৰ প্ৰভাৱ আছেই।

IMDৰ মতে ২১ ডিচেম্বৰলৈ তাপমান স্বাভাৱিকতকৈ কম হৈয়েই থাকিব। আনহাতে পঞ্জাৱ, হাৰিয়ানা, পশ্চিমী উত্তৰ প্ৰদেশ, গুজৰাটৰ কিছু অংশ, ৰাজস্থআনৰ উত্তৰ অংশত আগন্তুক ৫-৬ দিন প্ৰচণ্ড শীত লহৰ (Cold Wave) আগমনৰ আশংকা আছে।  উত্তৰ-পশ্চিম ভাৰত, মধ্য ভাৰতৰ একাংশ গুজৰাটত আগন্তুক ৫-৬ দিনত ২ৰ পৰা ৪ ডিগ্ৰী চেলচিয়াছলৈ তাপমান হ্ৰাস হোৱাৰ সম্ভাৱনা আছে।


ৰাজস্থানৰ ফতেহপুৰ আৰু চুৰু এলেকাত তাপমান শূন্যৰ ওচৰলৈ নামিছে। ফতেহপুৰত মাইনাছ ৩.৩ আৰু কাষৰীয়া চুৰুত মাইনাছ ১.১ ডিগ্ৰী চেলচিয়াছ আছিল তাপমান।   ৰাজস্থানৰ অধিকাংশ ঠাইতে শীত প্ৰৱাহৰ আগজাননী দিছে হতৰ বিজ্ঞান কেন্দ্ৰই। ইপুনে হিমাচল প্ৰদেশত শীতৰ (Cold Wave) ফলত ছিছু হ্ৰদৰ পানী গোট মাৰিছে।


ৰাজস্থানত বতৰ বিজ্ঞান বিভাগে আগন্তুক কেইদিনমানৰ কাৰণে অৰেঞ্জ এলাৰ্ট (Orange alert) জাৰি কৰিছে। ইপিনে উত্তৰাখণ্ডত ১৮ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ য়েলো এলাৰ্ট (yellow alert) জাৰি কৰিছে চৰকাৰে।

আনহাতে সমগ্ৰ কাশ্মীৰ উপত্যকা শীতৰ (Cold Wave) গ্ৰাসত পৰিছে। শ্ৰীনগৰত তাপমান মাইনাছ ৭ ডিগ্ৰীলৈ নামিছে। বাৰামূলাত সৰ্বনিম্ন মাইনাছ ৮.৫ ডিগ্ৰী আছিল তাপমান।


Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি