உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Yellow Alert in Delhi: দিল্লীত ভয়াৱহ হৈছে কোৰোণা পৰিস্থিতি, 'য়েলো এলাৰ্ট' জাৰি কৰিলে কেজৰিৱাল চৰকাৰে, বলৱৎ বহু বাধা-নিষেধ

    Yellow Alert in Delhi: দিল্লীত ভয়াৱহ হৈছে কোৰোণা পৰিস্থিতি, 'য়েলো এলাৰ্ট' জাৰি কৰিলে কেজৰিৱাল চৰকাৰে, বলৱৎ বহু বাধা-নিষেধ

    দিল্লীত য়েলো এলাৰ্ট জাৰি

    দিল্লীত য়েলো এলাৰ্ট জাৰি

    Yellow Alert in Delhi: বুধবাৰৰ পৰা দিল্লীত স্কুল, কলেজ, চিনেমা হল, জীম, স্পা আদি সম্পূৰ্ণ বন্ধ থাকিব। মেট্ৰো ট্ৰেইন, বাছ আদি ৫০ শতাংশ যাত্ৰীৰ সৈতে চলিব পাৰিব। অৱশ্যে চেলুন খোলা থাকিব।

    • Share this:
    Yellow Alert in Delhi:  দিল্লীত কোৰোণা (Corona) পৰিস্থিতি ক্ৰমাৎ ভয়াৱহ হোৱা আৰু অমিক্ৰনৰ সংক্ৰমণ (Omicron)ৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানী দিল্লীত য়েলো এলাৰ্ট (Yellow Alert) জাৰি কৰিলে দিল্লী চৰকাৰে। আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal) কোভিড১৯ (Covid19) পৰস্থিতি পৰ্যালোচনাৰ বাবে উচ্চ স্তৰীয় বৈঠকত মিলিত হোৱাৰ পিছতে দিল্লীত য়েলো এলাৰ্ট জাৰি কৰে।

    বুধবাৰৰ পৰা দিল্লীত বলৱৎ হ'ব এই য়েলো এলাৰ্ট। যাৰ ফলত দেশৰ ৰাজধানীত পুনৰ কেতবোৰ বাধা নিষেধ প্ৰযোজ্য হ'ব। সেই অনুসৰি বুধবাৰৰ পৰা দিল্লীত স্কুল, কলেজ, চিনেমা হল, জীম, স্পা আদি সম্পূৰ্ণ বন্ধ থাকিব। মেট্ৰো ট্ৰেইন, বাছ আদি ৫০ শতাংশ যাত্ৰীৰ সৈতে চলিব পাৰিব। অৱশ্যে চেলুন খোলা থাকিব।

    মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal) কয়, "কোভিড (Covid ) সংক্ৰমণৰ কেছবোৰ সাধাৰণ আৰু অক্সিজেনৰ চাহিদা বৃদ্ধই হোৱা নাই। ৰোগীৰ সংখ্যা বাঢ়িছে যদিও ভেণ্টিলেটৰ আদিৰ বিশেষ প্ৰয়োজন হোৱা নাই। পূৰ্বৰ তুলনাত এইবাৰ কোৰোণাৰ সৈতে যুঁজিবলৈ আমি ১০ গুণ অধিক সাজু হৈ আছোঁ।"

    বন্ধ থাকিব

    • চিনেমা হল আৰু মাল্টিপ্লেক্স বন্ধ কৰা হ'ব। বুকে হল আৰু প্ৰেক্ষাগৃহ আদি বন্ধ থাকিব।

    • স্পা, জীম, যোগ প্ৰতিষ্ঠান আৰু মনোৰঞ্জন উদ্যান বন্ধ থাকিব।

    • বিদ্যালয়, মহাবিদ্যালয়, শিক্ষানুষ্ঠান আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান বন্ধ থাকিব।

    • সামাজিক, ৰাজনৈতিক, ধৰ্মীয়, উৎসৱ আৰু মনোৰঞ্জন সম্পৰ্কীয় কাৰ্যকলাপ নিষিদ্ধ কৰা হ'ব (এই নিষেধাজ্ঞা এতিয়াও বলবৎ আছে)।

    চৰ্তসাপেক্ষ খোলা থাকিব

    • হোটেল খোলা থাকিব কিন্তু হোটেলৰ ভিতৰত বুকে হল আৰু কনফাৰেন্স হল বন্ধ থাকিব।

    • ৰেষ্টুৰেণ্ট 50% ক্ষমতাৰ সৈতে খুলিব কিন্তু পুৱা 8 বজাৰ পৰা নিশা 10 বজালৈ, আনহাতে বাৰবোৰ 50% ক্ষমতাৰ সৈতে খুলিব কিন্তু দুপৰীয়া 12 বজাৰ পৰা নিশা 10 বজালৈ।

    • দিল্লী মেট্ৰ' 50% আসন ক্ষমতাৰ সৈতে চলিব আৰু থিয় হৈ ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া নহ'ব।

    এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যোৱা বাছবোৰ 50% আসন ক্ষমতাৰ সৈতে চলিব।

    • অটো, ই-ৰিক্সা, টেক্সি আৰু চাইকেল ৰিক্সাত মাত্ৰ ২ জন যাত্ৰীক যাত্ৰা কৰিবলৈ অনুমতি দিয়া হৈছে।

    • ক্ৰীড়া কমপ্লেক্স, ষ্টেডিয়াম আৰু চুইমিং পুল বন্ধ কৰা হ'ব যদিও ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজন কৰিব পাৰিব।

    • পুৱা 9 বজাৰ পৰা সন্ধিয়া 5 বজালৈ 50% ক্ষমতাৰ সৈতে ব্যক্তিগত কাৰ্যালয় খোলাৰ অনুমতি।

    • নিৰ্মাণ কাৰ্য অব্যাহত থাকিব, উদ্যোগ মুকলি থাকিব।

    খোলা থাকিব

    • ৰাজহুৱা উদ্যানসমূহ খোলা থাকিব।

    • আউটডোৰ যোগৰ অনুমতি দিয়া হ'ব।

    • চেলুন আৰু বিউটি পাৰ্লাৰ খোলা থাকিব।

    নিশাৰ কাৰফিউ নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ জাৰি কৰা হ'ব, আনহাতে সপ্তাহান্তিক কাৰফিউ প্ৰযোজ্য নহ'ব।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    চৰকাৰে লগতে কয় যে অপ্ৰয়োজনীয় সেৱা বা সামগ্ৰী থকা দোকান আৰু মলবোৰ অড-ইভেন নিয়মৰ অধীনত পুৱা 10 বজাৰ পৰা সন্ধিয়া 8 বজালৈ খোলা থাকিব।
    Published by:Manjumoni Borah
    First published: