কৰ্ণাটকত চৰকাৰ গঠনৰ দিশে বিজেপি, মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব বি এছ য়েডুয়ুৰাপ্পাই

আজি বিয়লি ৬ বজাত মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব বি এছ য়েডুয়ুৰাপ্পাই। সাত দিনৰ ভিতৰত প্ৰমাণ কৰিব লাগিব সংখ্যা গৰিষ্ঠতা।

News18-Assam
Updated:July 26, 2019, 3:49 PM IST
কৰ্ণাটকত চৰকাৰ গঠনৰ দিশে বিজেপি, মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব বি এছ য়েডুয়ুৰাপ্পাই
আজি বিয়লি ৬ বজাত মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব বি এছ য়েডুয়ুৰাপ্পাই। সাত দিনৰ ভিতৰত প্ৰমাণ কৰিব লাগিব সংখ্যা গৰিষ্ঠতা।
News18-Assam
Updated: July 26, 2019, 3:49 PM IST
কৰ্ণাটকত বিজেপি চৰকাৰ গঠন হোৱাতো প্ৰায় চুড়ান্ত হ’ল।আজি বিয়লি ৬ বজাত মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বি এছ য়েডুয়ুৰাপ্পাই। চৰকাৰ গঠনৰ প্ৰাক মুহূৰ্তত এতিয়া বিজেপিয়ে ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ লোৱাতো দেশৰ সংবিধান বিৰোধী বুলি উল্লেখ কৰাৰ লগতে ই দেশৰ গণতন্ত্ৰৰ বাবে ভাবুকি স্বৰূপ বুলি উল্লেখ কৰে কংগ্ৰেছ দলে। কৰ্ণাটকৰ ৰাজনীতিত বিগত প্ৰায় ৩ সপ্তাহ ধৰি চলা বাদ-বিবাদৰ অন্তত শুকুৰবাৰে চৰকাৰ গঠন নিশ্চিত কৰে বিজেপিয়ে।



শুকুৰবাৰে চৰকাৰ গঠনৰ দাবীৰে ৰাজ্যপাল বাজুভাই বালাক সাক্ষাৎ কৰাৰ পিছতে কৰ্ণাটক বিজেপিয়ে টুইটাৰ যোগে চৰকাৰ গঠনৰ নিশ্চয়তা প্ৰদান কৰে। কিন্তু আগন্তুক সাত দিনৰ ভিতৰত বিজেপিয়ে প্ৰমাণ কৰিব লাগিব সংখ্যা গৰিষ্ঠতা।



উল্লেখ্য যে, কংগ্ৰেছ-জেডিএছ মিত্ৰজোঁটৰ কেইবাগৰাকীও বিধায়কে পদত্যাগ কৰাৰ পিছতে আস্থা ভোটত অৱতীৰ্ণ হৈছিল মুখ্যমন্ত্ৰী কুমাৰস্বামী। কিন্তু বিধানসভাত তেওঁ আস্থা ভোটৰ জৰিয়তে বহুমত প্ৰমাণ কৰাত বিফল হয় আৰু কুমাৰস্বামীৰ নেতৃত্বৰ মিত্ৰজোঁটৰ চৰকাৰ ভংগ হয়।

 

আৰু চাওক পৰৱৰ্তী বাতৰি