দিল্লীত ভয়ংকৰ পথ দূৰ্ঘটনা, থিতাতে নিহত ২৯ জন যাত্ৰী

সোমবাৰে পুৱা দ–খাৱৈত বাগৰি পৰিল লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখী বাছ

News18-Assam
Updated:July 8, 2019, 11:44 AM IST
দিল্লীত ভয়ংকৰ পথ দূৰ্ঘটনা, থিতাতে নিহত ২৯ জন যাত্ৰী
সোমবাৰে পুৱা দ–খাৱৈত বাগৰি পৰিল লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখী বাছ
News18-Assam
Updated: July 8, 2019, 11:44 AM IST
সোমবাৰে পুৱা দিল্লীত সংঘটিত হৈছে ভয়ংকৰ পথ দূৰ্ঘটনা। আগ্ৰাৰ ওচৰৰ যমুনা এক্সপ্ৰেছ ৱে’ৰ সমীপত সংঘটিত হোৱা এই শোকাৱহ পথ দূৰ্ঘটনা। দূৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় বাছখনত থকা ২৯ গৰাকীকৈ যাত্ৰী। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা ১৫ ফুট তলৰ এক দ–খাৱৈত পৰি যায় বাছখন ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়, ইতিমধ্যে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। প্ৰাপ্ত তথ্য অনুসৰি এতিয়ালৈকে ২০ গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হৈছে। আহত সকলক মূমূৰ্ষ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

 

One Sleeper Coach passenger bus travelling from Lucknow to Delhi met with an accident on Yamuna Expressway. It fell into the side fall about 15 feet deep.


20 passengers rescued so far. Efforts are on for the rest.

IG Agra

— UP POLICE (@Uppolice) July 8, 2019

আৰু চাওক পৰৱৰ্তী বাতৰি