এই ছবিসমূহ মুম্বাইৰ। য’ত এজন যমৰাজে ৰে’লৱেৰ ট্ৰেক পাৰ হোৱা মানুহক উঠাই লৈ গৈ আছে। ৰে’লৱে জনোৱা মতে যদিহে মানুহে নিয়ম পালন নকৰে তেনেহ’লে যমে তেওঁক উঠাই লৈ যাব। এই ছবিসমূহ মুম্বাইৰ। য’ত এজন যমৰাজে ৰে’লৱেৰ ট্ৰেক পাৰ হোৱা মানুহক উঠাই লৈ গৈ আছে। ৰে’লৱে জনোৱা মতে যদিহে মানুহে নিয়ম পালন নকৰে তেনেহ’লে যমে তেওঁক উঠাই লৈ যাব। ভাৰতীয় ৰে’লৱেই খোজকাঢ়ি ট্ৰেক পাৰ হোৱাসকলক এটা শিক্ষা দিবলৈ এক আকৰ্ষণীয় পদক্ষেপ হাতত লৈছে। ৰে’লৱেৰ সকলো সকীয়নি নস্যাৎ কৰি একাংশ মানুহে ৰে’লৱে ট্ৰেকত খোজ কাঢ়ি এটা প্লেটফৰ্মৰ পৰা আন এটা প্লেটফৰ্মলৈ বিপজ্জনকভাৱে পাৰ হৈ আহিছে আৰু এই ক্ষেত্ৰত অসাৱধান ৰাইজক সজাগ কৰিবলৈ পশ্চিম ৰে’লৱে আৰপিএফৰ সৈতে মিলি ‘যমৰাজ’ক মাতি পঠিয়াইছে! এই ‘যমৰাজে’ ট্ৰেকত খোজ কঢ়া লোকসকলক কান্ধত তুলি নিজৰ লগত লৈ গৈছে।
ৰে’লৱে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত ইয়াৰ কিছু ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে। দৰাচলতে ইয়াৰ জৰিয়তে ৰে’লৱে বিপজ্জনকভাৱে ৰে’লৱে ট্ৰেক পাৰ নহ’বলৈ ৰাইজক সকীয়নি প্ৰদান কৰিছে।
First published: November 08, 2019, 10:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|