প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশা আৰু পশ্চিম বংগত আকাশমাৰ্গেৰে ঘূৰ্ণী বতাহ য়াছে প্ৰভাৱিত কৰা অঞ্চলৰ পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তৎকালে ১ হাজাৰ কোটি টকাৰ সাহায্য পেকেজ ঘোষণা কৰে । ইয়াৰে ৫০০ কোটি ওড়িশা আৰু ৫০০ কোটি পশ্চিম বংগ আৰু ঝাৰখণ্ডৰ বাবে আগবঢ়োৱা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে ভুবনেশ্বৰত এক সমীক্ষা বৈঠকতো অংশগ্ৰহণ কৰে। উদ্ধাৰ অভিযান সম্বন্ধীয় সকলো প্ৰয়াসৰ বিষয়ে বুজ লয়।
প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম বংগ, ওড়িশা আৰু ঝাৰখণ্ডক আশ্বাস দিয়ে যে সকলো প্ৰয়োজনীয় সাহায্য প্ৰদান কৰা হ’ব। ইয়াৰ উপৰি ঘূৰ্ণী বতাহত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ ২ লাখকৈ আৰু গুৰুতৰভাৱে আহতসকলক ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।