বিজেপিত যোগদান কৰাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে খালী।
বিজেপিত যোগদান কৰাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে খালী।
WWEৰ তাৰকা ৰেষ্টলাৰ দ্য গ্ৰেট খালীয়ে যোগদান কৰিলে বিজেপিত। দিল্লীত বিজেপিত যোগদান কৰে খালীয়ে। খালী হিমাচল প্ৰদেশৰ বাসিন্দা। তেওঁৰ প্ৰকৃত নাম দলীপ সিং ৰাণা (Dalip Singh Rana)। বিজেপিত যোগদান কৰাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে খালী।
দ্য গ্ৰেট খালীয়ে কয় যে বিজেপিত যোগদান কৰি তেওঁৰ ভাল লাগিছে। তেওঁ কয় যে এনেকুৱা এখন দেশ নাই য’ত মই ৰেষ্টলিং কৰা নাই। টকা উপাৰ্জন কৰিম বুলি ভাবিলে আমেৰিকাতে থাকিলোহেঁতেন। কিন্তু মই ভাৰতলৈ আহিছো কাৰণ দেশৰ প্ৰতি মোৰ প্ৰেম আছে। মই দেখিছো যে মোদীৰ ৰূপ দেশে এগৰাকী সঠিক প্ৰধানমন্ত্ৰী পাইছে। তেওঁ প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিচাৰধাৰাৰে প্ৰভাৱিত বুলি মন্তব্য কৰে।
উল্লেখযোগ্য যে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দ্য গ্ৰেট খালীৰ বিজেপিত যোগদান দলটোৰ বাবে লাভজনক হ’ব পাৰে। বিগত বৰ্ষত খালীয়ে সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱকো সাক্ষাৎ কৰিছিল। তেতিয়া অখিলেশ যাদৱৰ সৈতে কি কথা পাতিছিল সেয়া পোহৰলৈ অহা নাছিল, কিন্তু সমাজবাদী পাৰ্টীত যোগদান কৰিব বুলি অনুমান কৰা হৈছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|