বিশ্ব ব্যাঘ্ৰ দিৱস, বাংগালুৰুৰ বন্যপ্ৰাণী উদ্যানত ‘হিমা দাস’ৰ নামেৰে নামাকৰণ ছয়মহীয়া বাঘিনী

News18-Assam
Updated:July 29, 2019, 11:53 AM IST
বিশ্ব ব্যাঘ্ৰ দিৱস, বাংগালুৰুৰ বন্যপ্ৰাণী উদ্যানত ‘হিমা দাস’ৰ নামেৰে নামাকৰণ ছয়মহীয়া বাঘিনী
News18-Assam
Updated: July 29, 2019, 11:53 AM IST
বিশ্ব ব্যাঘ্ৰ দিৱসৰ সৈতে সংগতি ৰাখি দেওবাৰে বেংগালুৰুৰ বানেৰঘাটা বন্যপ্ৰাণী উদ্যানত ছয়মহীয়া বাঘিনীৰ নাম হিমা ৰখা হয়। হিমাৰ নামেৰে নামাকৰণ কৰাৰ  পিছতে বাঘিনীজনী চাবলৈ উদ্যানলৈ দৰ্শনাৰ্থীৰ সোঁত বৈছে। দেওবাৰে ‘হিমা’ৰ লগতে আন তিনিটা বাঘ পোৱালী দৰ্শনাৰ্থীৰ বাবে ছাফাৰী এলেকাত এৰি দিয়া হয়। মুঠ আঠটা বাঘ বানেৰঘাটা উদ্যানত এৰি দিয়া হয়। উল্লেখযোগ্য যে এয়াই প্ৰথমবাৰ কেন্দ্ৰটোত বাঘক তাৰকা খেলুৱৈৰ নামেৰে নামাকৰণ কৰা হোৱা নাই। ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী, ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজৰ নামেৰেও বেনাৰঘাটা জৈৱ উদ্যানত বাঘৰ নামাকৰণ কৰা হৈছে।

এতিয়া দৰ্শনাৰ্থীয়ে মাকসহ সাতটা পোৱালী বাঘ নতুনকৈ চাবলৈ পাব আৰু ‘হিমা’ৰ ইয়াৰ মাজতে সকলোৰে দৃষ্টি কাঢ়িছে। বিত্ত বিভাগৰ প্ৰধান সচিব আৰু বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক ৰবীন্দ্ৰ  ডি এছে বাঘকেইটা দেওবাৰে ছাফাৰী এলেকাত দৰ্শনাৰ্থীৰ বাবে মুকলি কৰে। মুঠ বাৰটা বাঘ এতিয়া উদ্যানত ৰাইজে চাবলৈ পাব।

 
আৰু চাওক পৰৱৰ্তী বাতৰি