বিশ্বৰ আটাইতকৈ ওখ ভগৱান শিৱৰ প্ৰতিমূৰ্তি বুলি গণ্য কৰা 'বিশ্বাস স্বৰূপম' আজি ৰাজস্থানৰ ৰাজসমন্দ জিলাত উদ্বোধন কৰা হ'ব। জিলাখনৰ নাথদ্বাৰ চহৰত স্থাপন কৰা ভগৱান শিৱৰ ৩৬৯ ফুট ওখ প্ৰতিমূৰ্তিটো মুখ্যমন্ত্ৰী অশোক গেহলট, বিধানসভাৰ অধ্যক্ষ চি পি যোশী আৰু অন্যান্যসকলৰ উপস্থিতিত গুজৰাটৰ আধ্যাত্মিক নেতা আৰু ধৰ্ম প্ৰচাৰক মোৰাৰী বাপুৰ দ্বাৰা ৰাইজৰ বাবে মুকলি কৰা হ'ব।
উল্লেখ্য যে, প্ৰতিমূৰ্তিটো উদ্বোধন কৰাৰ পিছত ৰাজ্যখনত ২৯ অক্টোবৰৰ পৰা ৬ নৱেম্বৰলৈ ৯ দিনৰ বাবে ধাৰ্মিক, আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ এটা শৃংখলা অনুষ্ঠিত হ'ব বুলি সান্সথান ট্ৰাষ্টী আৰু মিৰাজ গোটৰ অধ্যক্ষ মদন পালিৱালে জনাইছে।
সংবাদ সংস্থা পিটিআইয়ে পালিৱালৰ উদ্ধৃতিৰে কয়, "শ্ৰীনাথজী চহৰত স্থাপন কৰা ভগৱান শিৱৰ এই আশ্চৰ্যকৰ মূৰ্তিটোৱে ধৰ্মীয় পৰ্যটনক এক নতুন মাত্ৰা প্ৰদান কৰিব।"
জানিব পৰা মতে, মোৰাৰী বাপুৱেও এই ৯ দিনৰ ভিতৰত ৰাম কথা পাঠ কৰিব।
পৃথিৱীৰ আটাইতকৈ ওখ মূৰ্তিটোৰ বিষয়ে:-উদয়পুৰৰ পৰা ৪৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই মূৰ্তিটো তট পদম সাংস্থানে নিৰ্মাণ কৰিছে।
মূৰ্তিটো ধ্যানৰ ভঙ্গীত নিৰ্মাণ কৰা হৈছে আৰু ২০ কিলোমিটাৰ দূৰৰ পৰা দৃশ্যমান হয়। এইটো ৫১ বিঘাৰ বিস্তাৰৰ ওপৰত এটা পাহাৰত স্থাপন কৰা হৈছে।
অনুষ্ঠানটোৰ মুখপাত্ৰ জয়প্ৰকাশ মালীয়ে কয় যে মূৰ্তিটো বিশেষ পোহৰেৰে আলোকিত কৰা হৈছে আৰু নিশাও স্পষ্টভাৱে দৃশ্যমান হয়।
'বিশ্বাস স্বৰূপম' হৈছে পৃথিৱীৰ আটাইতকৈ ওখ শিৱ মূৰ্তি য'ত ভক্তসকলৰ বাবে লিফ্ট, চিৰি আৰু এটা হল আছে। "ভিতৰলৈ যাবলৈ চাৰিটা লিফ্ট আৰু তিনিটা চিৰি আছে," জয়প্ৰকাশ মালীয়ে কয়।
এই মূৰ্তিটো সম্পূৰ্ণ হ'বলৈ ১০ বছৰ সময় লাগিছে। এই প্ৰকল্পটোৰ আধাৰশিলা ২০১২ চনৰ আগষ্টত অশোক গেহলট, যি তেতিয়াও মুখ্যমন্ত্ৰী আছিল আৰু মোৰাৰী বাপুৰ উপস্থিতিত স্থাপন কৰা হৈছিল।
ইয়াৰ নিৰ্মাণত তিনি হাজাৰ টন ষ্টীল আৰু লো, ২.৫ লাখ ঘন টন কংক্ৰিট আৰু বালি ব্যৱহাৰ কৰা হৈছে।
তামৰ ৰঙৰ মূৰ্তিটো বৰষুণ আৰু সূৰ্যৰ পৰা সুৰক্ষিত কৰিবলৈ জিংক মিশ্ৰণেৰে আৱৰণ কৰা হৈছে।
প্ৰতিমূৰ্তিটো প্ৰায় ২৫০ বছৰ আয়ুসেৰে নিৰ্মাণ কৰা হৈছে আৰু ই প্ৰতি ঘণ্টাত ২৫০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ গতি সহ্য কৰিব পাৰে বুলি অনুষ্ঠানটোৰ মুখপাত্ৰ জয়প্ৰকাশ মালীয়ে কোৱাৰ লগতে মূৰ্তিটোৰ বায়ু সুৰংগ পৰীক্ষা কৰা নক্সা অষ্ট্ৰেলিয়াত প্ৰস্তুত কৰা হৈছে বুলিও কয়।
মূৰ্তিটোৰ চাৰিওফালে থকা স্থানত বাঞ্জি জাম্পিং, জিপ লাইন আৰু গো-কাৰ্টৰ দৰে কাৰ্যকলাপ অনুষ্ঠিত হ'ব আৰু পৰ্যটকসকলে তেওঁলোকৰ দিনটো উপভোগ কৰাৰ বাবে এখন ফুড কৰ্ট, দুঃসাহসিক উদ্যান আৰু এটা জংঘল কেফে থাকিব বুলি মালীয়ে লগতে কয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|