World Suicide Prevention Day 2019: আত্মহত্যা কৰা মহিলাৰ তুলনাত পুৰষৰ সংখ্যা বেছি

আত্মহত্যাৰ বিৰুদ্ধে সংকল্প লোৱাৰ এটা দিন।

News18-Assam
Updated:September 10, 2019, 11:36 AM IST
World Suicide Prevention Day 2019: আত্মহত্যা কৰা মহিলাৰ তুলনাত পুৰষৰ সংখ্যা বেছি
ইণ্টাৰনেটৰ পৰা সংগৃহীত ফটো।
News18-Assam
Updated: September 10, 2019, 11:36 AM IST
উত্তৰ প্ৰদেশৰ ভদৌহি জিলাৰ তৃতীয় শ্ৰেণীৰ এগৰাকী কণমানি ছাত্ৰীয়ে অলপতে স্কুলৰ শৌচাগাৰত গাত কেৰাচিন ঢালি জুই লগাই জীৱন শেষ কৰি দিয়ে। কিমান বয়স আছিল কণমানিজনীৰ? খুব বেছি ৮–৯বছৰ। এই অকনমান বয়সতে জীৱনটোলৈ ইমান বিতৃষ্ণা আহিল যে একেবাৰে শেষ কৰি দিয়াৰ সিদ্ধান্ত লৈ ল’লে। অসমতো আত্মহত্যাৰ ঘটনা কম নহয়। প্ৰতি বছৰে সমগ্ৰ বিশ্বত ৮লাখ মানুহে আত্মহত্যা কৰে। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন নেটৱৰ্ক অন চুইছাইড ৰিচাৰ্ছ এণ্ড প্ৰিভেনশ্যন অনুসৰি প্ৰতিবছৰে ২.৩লাখ লোকে ভাৰতত আত্মহত্যা কৰে।

বাঢ়ি অহা আত্মহত্যাৰ ঘটনা ৰোধ কৰিবলৈ প্ৰতিবছৰে ১০ছেপ্তেম্বৰ তাৰিখে বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস ৰূপে পালন কৰা হয়। আত্মহত্যাসমূহ বন্ধ কৰিবলৈ বিশ্বজুৰি বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয়।

WHOৰ মতে দৈনিক ৩০০০ লোকে পৃথিৱীত আত্মহত্যা কৰে। ইয়াৰ লগতে প্ৰতিদিনে গড়ে বিশজনকৈ লোকে নিজৰ জীৱন শেষ কৰি দিয়াৰ অপচেষ্টা কৰে। ২০০৩চনত প্ৰথম এই আত্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰা হৈছিল।

পুৰুষে অধিক আত্মহত্যা কৰে

পৰিসংখ্য অনুসৰি ভাৰতত আত্মহত্যা কৰা পুৰুষৰ সংখ্যা অধিক। এনচিআৰবিৰ মতে ২০১৫চনত ভাৰতত ৯১,৫২৮জন পুৰুষে আত্মহত্যা কৰিছিল, ২০০৫ আৰু ২০১০ চনত ক্ৰমে ৬৬,০৩২ জন আৰু ৮৭,১৮০ জন পুৰুষে আত্মহত্যা কৰিছিল। এই ১৫বছৰে মহিলাসকলৰ মাজতো আত্মহত্যা কৰাৰ সংখ্যা বাঢ়িছে যদিও পুৰুষৰ সমান দ্ৰুতগতিত নহয়।
আৰু চাওক পৰৱৰ্তী বাতৰি