দেশত অৰ্থনৈতিক সংকট চলি থকাৰ মাজতে বিশ্ব বেংকে দিলে অন্য এক আঘাত!

দেশত অব্যাহত থকা আৰ্থিক মন্দাৱস্থাৰ মাজতে ভাৰতক বিশ্ব বেংকে দিলে আন এক আঘাত!

News18-Assam
Updated:October 13, 2019, 3:50 PM IST
দেশত অৰ্থনৈতিক সংকট চলি থকাৰ মাজতে বিশ্ব বেংকে দিলে অন্য এক আঘাত!
World Bank
News18-Assam
Updated: October 13, 2019, 3:50 PM IST
ভাৰতবৰ্ষত এতিয়াও অব্যাহত আছে অৰ্থনৈতিক সংকট। আৰ্থিক মন্দাৱস্থাৰ পৰা দেশক উদ্ধাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে যদিও এতিয়াও স্বাভাৱিক অৱস্থালৈ অহা নাই দেশৰ অৰ্থনীতি। তাৰ মাজতে এইবাৰ বিশ্ব বেংকে ভাৰতক দিছে অন্য এক আঘাত।  ভাৰতৰ বিকাশৰ লক্ষ্যৰ হাৰ ৬ শতাংশলৈ হ্ৰাস কৰিছে বিশ্ব বেংকে। ২০১৮-১৯ বৰ্ষত ভাৰতৰ বিকাশৰ হাৰ ৬.৯ শতাংশ আছিল সেইদৰে ২০১৭-১৮ বৰ্ষত ৭.২ শতাংশ আছিল ভাৰতৰ বিকাশৰ হাৰ।
উল্লেখযোগ্য যে,  ক্ৰেডিট ৰেটিং এজেন্সি মুডীজেও ভাৰতৰ জিডিপি বিকাশৰ লক্ষ্য আকৌ এবাৰ হ্ৰাস কৰিছে।  ২০১৯-২০ বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপিৰ বিকাশৰ হাৰ ৫.৮ শতাংশলৈ নামিব পাৰে বুলিও অনুমান কৰিছে সংস্থাটোৱে।
আৰু চাওক পৰৱৰ্তী বাতৰি