• Home
  • »
  • News
  • »
  • nation
  • »
  • Women's Day | Success Story: সাধাৰণ গাখীৰ বিক্ৰেতা মহাবীৰৰ পাঁচগৰাকী কন্যা আজি নাৰী সবলীকৰণৰ এক উদাহৰণ হৈ পৰিছে

Women's Day | Success Story: সাধাৰণ গাখীৰ বিক্ৰেতা মহাবীৰৰ পাঁচগৰাকী কন্যা আজি নাৰী সবলীকৰণৰ এক উদাহৰণ হৈ পৰিছে

Women's Day Success Story:  ছোৱালীৰ শিক্ষাৰ বাবে তেওঁ কোনোদিনে পিছুৱাই অহা নাছিল।

Women's Day Success Story: ছোৱালীৰ শিক্ষাৰ বাবে তেওঁ কোনোদিনে পিছুৱাই অহা নাছিল।

Women's Day Success Story: ছোৱালীৰ শিক্ষাৰ বাবে তেওঁ কোনোদিনে পিছুৱাই অহা নাছিল।

  • Share this:
দৰিদ্ৰতা নেওচি পাঁচগৰাকী ভগ্নীয়ে নিজৰ কষ্টৰ বলত তৈয়াৰ কৰিছিল সাফল্যৰ পথ। এওঁলোক ক্ৰমে সবিতা, নিশা, অনুপমা, আভা আৰু চুইটি। তেওঁলোকৰ সন্মুখত কোনোটোৱে অনুকূল নাছিল, দৰিদ্ৰতাই আগুৰি ধৰা এটা পৰিৱেশ। কিন্তু তেওঁলোকে মুকলি আকাশত উৰিছিল আৰু প্ৰগতিৰ যাত্ৰাপথত খোজ দিছিল।

বিহাৰৰ (Bihar) জালালাবাদ জিলাৰ এখন সৰু গাঁৱৰ পাঁচগৰাকী ভগ্নীৰ ভিতৰত সবিতা বেংকৰ পিঅ' আৰু নিশা আয়কৰ বিষয়া। ডাঙৰ জীয়াৰী অভ কুমাৰী এগৰাকী শিক্ষয়িত্ৰী। আন দুগৰাকী কন্যা অনুপমা আৰু চুইটিয়ে অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি চলাই আছে।

তেওঁলোকৰ দেউতাক মহাবীৰ যাদৱ এজন গৰু পালক, যি গাখীৰ বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰিছিল। কিন্তু ছোৱালীৰ শিক্ষাৰ বাবে তেওঁ কোনোদিনে পিছুৱাই অহা নাছিল।

গাঁৱত কিছু খেতি কৰি আৰু গাখীৰ বিক্ৰী কৰি দেউতাকে ৫ জীয়াৰীৰ উচ্চ শিক্ষিত কৰি গঢ় দিয়াৰ ফলত আজি পৰিয়ালটোৱে জীৱনধাৰণৰ মান সলনি কৰিবলৈ সক্ষম হৈছিল আৰু আজি তেওঁলোক মহিলা সৱলীকৰণৰ এক উদাহৰণ হৈ পৰিছে ।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি