মেদবহুলতাক লৈ স্বামীয়ে কৰা ঠাট্টা–মস্কৰাত অতিষ্ঠ হৈ পত্নীয়ে বিচাৰিলে বিবাহ বিচ্ছেদ

প্ৰতিদিনেই শকত শৰীৰক লৈ স্বামীয়ে কটু মন্তব্য কৰাৰ অভিযোগ মহিলাগৰাকীৰ

News18-Assam
Updated:August 28, 2019, 1:27 PM IST
মেদবহুলতাক লৈ স্বামীয়ে কৰা ঠাট্টা–মস্কৰাত অতিষ্ঠ হৈ পত্নীয়ে বিচাৰিলে বিবাহ বিচ্ছেদ
PHOTO : www.thesun.ie
News18-Assam
Updated: August 28, 2019, 1:27 PM IST
দিল্লীৰ সমীপৰ গাজিয়াবাদৰ এগৰাকী ২৭ বছৰীয়া মহিলাই তেওঁৰ শকত শৰীৰৰ লৈ স্বামীয়ে অনৰ্গল কৰি থকা ঠাট্টা–মস্কৰাত অতিষ্ঠ বিবাহ বিচ্ছেদ বিচাৰি কাষ চাপিছে স্থানীয় অতিৰিক্ত ন্যায়িক দণ্ডাধীশৰ আদালতত। স্বামীৰ এনে আচৰণৰ কাৰণে মানসিক চাপত ভোগা বুলি
নিজৰ আবেদনত উল্লেখ কৰিছে মহিলাগৰাকীয়ে। ইতিমধ্যে আদালতে তেওঁৰ আবেদন গ্ৰহণ কৰিছে ।

২০১৪ চনতে বিবাহ পাশত আবদ্ধ হৈছিল মহিলাগৰাকী। তেওঁৰ স্বামী নয়দাস্থিত এক ছফ্টৱেৰ কোম্পানীত কৰ্মৰত। মহিলাগৰাকী শকত হোৱাৰ কাৰণে স্বামীয়ে ভোজমেল তথা সামাজিক অনুষ্ঠানসমূহলৈ লৈ নাযায় বুলিও অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি