PUBGৰ বাবে তালাক বিচাৰিলে পত্নীয়ে

অ’মেন হেল্পলাইনৰ বিষয়াই কয় যে মহিলাগৰাকীৰ বয়স ১৯ বছৰ। ১৮ বছৰ বয়সতে এজন ঠিকাদাৰৰ সৈতে বিয়া হৈছে। বিয়াৰ পিছতে মহিলাগৰাকীৰ পাবজি খেলাটো অ‍ভ্যাসত পৰিণত হয়।

news18assam
Updated:May 17, 2019, 6:47 PM IST
PUBGৰ বাবে তালাক বিচাৰিলে পত্নীয়ে
অ’মেন হেল্পলাইনৰ বিষয়াই কয় যে মহিলাগৰাকীৰ বয়স ১৯ বছৰ। ১৮ বছৰ বয়সতে এজন ঠিকাদাৰৰ সৈতে বিয়া হৈছে। বিয়াৰ পিছতে মহিলাগৰাকীৰ পাবজি খেলাটো অ‍ভ্যাসত পৰিণত হয়।
news18assam
Updated: May 17, 2019, 6:47 PM IST
বিগত কিছুদিনৰ ধৰি ব্যাপকভাৱে চৰ্চিত হৈ আছে PUBG গেম। একাংশৰ বাবে এই খেলবিধ মৃত্যুৰ কাৰণো হৈ পৰিছে। ইফালে এটা হিন্দী ৱেব প’ৰ্টেলত ওলোৱা খবৰ অনুসৰি এই খেলবিধ এতিয়া স্বামী–স্ত্ৰীৰ সম্পৰ্কত ফাট মেলাৰো কাৰণ হৈ পৰিছে। গুজৰাটৰ আহমেদাবাদত এগৰাকী মহিলাই গেমিং পাৰ্টনাৰৰ সৈতে খেলোতে খেলোতে ইমানেই পছন্দ হ’ল যে মহিলাগৰাকীয়ে স্বামীৰ পৰা তালাক লোৱাৰ কথা ভাবি পেলালে। ইয়াৰ বাবে মহিলাগৰাকীয়ে অ’মেন হেল্পলাইনৰ সহায়ো বিচাৰিছে।

হিন্দী ৱেব প’ৰ্টেলটোৰ মতে, অ’মেন হেল্পলাইনৰ বিষয়াই কয় যে মহিলাগৰাকীৰ বয়স ১৯ বছৰ। ১৮ বছৰ বয়সতে এজন ঠিকাদাৰৰ সৈতে বিয়া হৈছে। বিয়াৰ পিছতে মহিলাগৰাকীৰ পাবজি খেলাটো অ‍ভ্যাসত পৰিণত হয়। মহিলাগৰাকীৰ গেমিং পাৰ্টনাৰৰ সৈতে বন্ধুত্ব ইমানেই গাঢ় হৈ পৰে যে সেয়া তালাকৰ পৰ্যায় পায়গৈ।

মহিলাগৰাকীয়ে কয় যে স্বামীৰ সৈতে কোনো ধৰণৰ কাজিয়া নাই, কিন্তু তেওঁ গেমিং পাৰ্টনাৰজনৰ সৈতে থাকিব বিচাৰে। সেই যুৱকজনৰ সৈতে হোৱা সম্পৰ্কৰ বাবেই পিছত মহিলাগৰাকীৰ স্বামীৰ সৈতে বিবাদ হয় আৰু পিতৃগৃহলৈ গুচি যায়।
আৰু চাওক পৰৱৰ্তী বাতৰি