உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Earn Money : এই চৰকাৰী আঁচনিৰ অধীনত মহিলাসকলে প্ৰতি মাহে লাভ কৰে ৪,০০০ টকা ! আপুনিও লাভ উঠাব পাৰে এই আঁচনিৰ, এনেদৰে কৰক ...

    Earn Money : এই চৰকাৰী আঁচনিৰ অধীনত মহিলাসকলে প্ৰতি মাহে লাভ কৰে ৪,০০০ টকা ! আপুনিও লাভ উঠাব পাৰে এই আঁচনিৰ, এনেদৰে কৰক ...

    এই আঁচনিৰ অধীনত গাঁৱৰ মহিলাসকলে বেংকৰ সৈতে জড়িত হৈ ঘৰে ঘৰে ধন লেনদেন কৰিব আৰু এই লেনদেনৰ প্ৰক্ৰিয়া ডিজিটেল হ'ব ।

    এই আঁচনিৰ অধীনত গাঁৱৰ মহিলাসকলে বেংকৰ সৈতে জড়িত হৈ ঘৰে ঘৰে ধন লেনদেন কৰিব আৰু এই লেনদেনৰ প্ৰক্ৰিয়া ডিজিটেল হ'ব ।

    এই আঁচনিৰ অধীনত গাঁৱৰ মহিলাসকলে বেংকৰ সৈতে জড়িত হৈ ঘৰে ঘৰে ধন লেনদেন কৰিব আৰু এই লেনদেনৰ প্ৰক্ৰিয়া ডিজিটেল হ'ব ।

    • Share this:
    যদিহে আপুনি এগৰাকী মহিলা আৰু উত্তৰ প্ৰদেশত বাস কৰে, আপুনি ৰাজ্য চৰকাৰৰ বেংকিং সংবাদদাতা সখী আঁচনিৰ অধীনত প্ৰতি মাহে ৪,০০০ টকা উপাৰ্জন কৰিব পাৰে ।

    দৰাচলতে উত্তৰ প্ৰদেশ চৰকাৰে মহিলাসকলক নিযুক্তি প্ৰদানৰ বাবে এই সখী আঁচনি চলাই আছে । দুৰ্বল শ্ৰেণীৰ মহিলাসকলৰ বাবে যথেষ্ট সহায়ক বুলি প্ৰমাণিত হোৱা এই আঁচনিৰ জৰিয়তে, মহিলাসকলে বেংক এজেণ্ট হ'ব পাৰে আৰু প্ৰতি মাহে ৪,০০০ টকালৈ লাভ কৰিব পাৰে । কেৱল সেয়াই নহয় এই আঁচনিৰ অধীনত তেওঁলোকে অতিৰিক্ত কমিছন পোৱাকে ধৰি লাভ কৰে আন বহু সুবিধা ।

    এই আঁচনিৰ পৰা উপকৃত হৈছে হাজাৰ হাজাৰ মহিলা -

    এই আঁচনিখন উত্তৰ প্ৰদেশ চৰকাৰে ২০২০ চনত আৰম্ভ কৰিছিল । ২০২০ চনৰ ২২ মে'ত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই আঁচনিৰ কথা ঘোষণা কৰিছিল । এই আঁচনিৰ অধীনত গাঁৱৰ মহিলাসকলে বেংকৰ সৈতে জড়িত হৈ ঘৰে ঘৰে ধনৰ লেন-দেন কৰিব পাৰে। এই লেন-দেনৰ প্ৰক্ৰিয়া ডিজিটেল হ'ব আৰু হাজাৰ হাজাৰ মহিলাই এই আঁচনিৰ সৈতে জড়িত হৈ ইয়াৰ সুবিধা লৈ আছে।

    এই আঁচনিৰ সুবিধা কোনে আৰু কেনেদৰে লাভ কৰিব পাৰিব -

    এই আঁচনিয়ে উত্তৰ প্ৰদেশৰ গাঁওসমূহত বাস কৰা মহিলাসকলক উপকৃত কৰিব । আবেদনকাৰী দশম উত্তীৰ্ণ হোৱাৰ লগতে অনলাইন বস্তুবোৰৰ বিষয়ে অৱগত হ'ব লাগে। লগতে বেংকিং সেৱাৰ প্ৰতি আগ্ৰহী হ'ব লাগিব যাতে তেওঁলোকে এই কামটো সহজে শিকিব আৰু বুজিব পাৰে।

    আঁচনিখনৰ অধীনত এই মহিলাসকলে গাঁৱৰ লোকসকলক বেংকিং সুবিধা প্ৰদান কৰিব। তেওঁলোকৰ ওচৰৰ গাঁওবাসীক বেংকিঙৰ বিষয়ে সজাগ কৰিব। আঁচনিখনৰ অধীনত মহিলাসকলে ৬ মাহৰ বাবে প্ৰতি মাহে ৪,০০০ টকা দৰমহা লাভ কৰিব । ইয়াৰ উপৰিও লোকসকলে বেংকিং লেনদেনৰ বাবেও কমিছন লাভ কৰিব।

    সখীৰ সৈতে জড়িত হ'বলৈ কি কৰিব লাগিব -

    আপুনি বেংকিং সংবাদদাতা সখী আঁচনিৰ সুবিধা লাভ কৰিবলৈ ইয়াৰ বাবে আবেদন কৰিব লাগিব । আপুনি গুগল প্লে' ষ্টোৰলৈ যাব লাগিব আৰু বিচি সখী এপটো ডাউনলোড কৰিব লাগিব। এই এপটোতেই আপোনাৰ ফোন নম্বৰেৰে পঞ্জীয়ন কৰিব লাগিব। তাৰ পিছত আপুনি সাধাৰণ প্ৰফাইলত ক্লিক কৰিব লাগিব আৰু তাত বিচৰা সকলো তথ্যৰ বিৱৰণ পূৰণ কৰিব লাগিব। তাৰ পিছত এই আবেদন জমা কৰিব লাগিব ।

    (https://hindi.news18.com/news/business/women-can-earn-4-thousand-rupees-per-month-from-up-banking-sakhi-yojana-know-how-varpat-3595341.html)
    Published by:Manjumoni Borah
    First published: