বিচাৰ প্ৰক্ৰিয়া বৰ্জন ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ তৰা মহিলাৰ, বিচাৰপীঠে নিয়ম ভংগ কৰাৰ অভিযোগ

মহিলাগৰাকীৰ অভিযোগ অকলশৰীয়াকৈ উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠৰ সন্মুখীন হোৱাটো শংকাৰ কাৰণ আৰু তেওঁৰ অধিবক্তাকো আনকি তদন্ত প্ৰক্ৰিয়াত অংশীদাৰ হ’বলৈ দিয়া হোৱা নাই।

news18
Updated:May 1, 2019, 7:33 AM IST
বিচাৰ প্ৰক্ৰিয়া বৰ্জন ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ তৰা মহিলাৰ, বিচাৰপীঠে নিয়ম ভংগ কৰাৰ অভিযোগ
মহিলাগৰাকীৰ অভিযোগ অকলশৰীয়াকৈ উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠৰ সন্মুখীন হোৱাটো শংকাৰ কাৰণ আৰু তেওঁৰ অধিবক্তাকো আনকি তদন্ত প্ৰক্ৰিয়াত অংশীদাৰ হ’বলৈ দিয়া হোৱা নাই।
news18
Updated: May 1, 2019, 7:33 AM IST
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ তৰা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন কৰ্মচাৰী গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ আওতাত চলা বিচাৰপ্ৰক্ৰিয়াৰ পৰা নিজকে নিলগাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহিলাগৰাকীৰ অভিযোগ উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠৰ পৰা তেওঁ ন্যায় পোৱাৰ সম্ভাৱনা একেবাৰে নাই।
এক প্ৰেছ বাৰ্তাত মহিলাগৰাকীয়ে কয় তেওঁ ববডে পেনেলৰ তদন্তত অংশ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ’অসামঞ্জস্যতা’, ’উদ্বিগ্নতা’ আৰু ’শংকা’ৰ কাৰণে এই সিদ্ধান্ত লোৱাৰ কথা প্ৰকাশ।ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বত তিনিজনীয়া পেনেলৰ তৃতীয়টো শুনানিৰ সময়ত মহিলাগৰাকীয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এইপৰ্যন্ত তিনিওটা শুনানিত মহিলাগৰাকীয়ে অকলশৰে অধিবক্তা নোহোৱাকৈ অংশ ল’ব লগা হোৱাৰ ক্ষোভ প্ৰকাশ কৰে।
তেওঁৰ অভিযোগ ইমানেই নহয়, আন এক গুৰুতৰ অভিযোগ মতে মহিলাগৰাকীক তদন্ত প্ৰক্ৰিয়াৰ কোনো অডিঅ’ অথবা ভিডিঅ’ দিয়া হোৱা নাই, শেহতীয়া দুটা শুনানিত তেওঁ প্ৰদান কৰা জবানবন্দীৰ কোনো প্ৰতিলিপি তেওঁক নিদিয়াৰ অভিযোগ।


মহিলাগৰাকীৰ দাবী দুয়োটা মবাইল নম্বৰৰ হোৱাটছএপ কল আৰু কথা বাৰ্তাৰ প্ৰতিলিপি মগাবলৈ তেওঁ অনুৰোধ কৰাৰ পিছতো ন্যায়াধীশে সেয়া নস্যাৎ কৰে।


ন্যায়াধীশ ববডে ইয়াৰ পূৰ্বে জনাইছিল যে ইন হাউছ তদন্তত অধিবক্তাৰ উপস্থিতি গ্ৰহণ কৰা নহয় যিহেতু এয়া আনুষ্ঠানিক তদন্ত নহয়। এই তদন্তৰ ফলাফলৰ ওপৰতে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ন্যায়াধীশ গৰাকীয়ে জনাইছিল।

মহিলাগৰাকীয়ে আনকি শুনানিৰ পিছত তেওঁ ভ্ৰমণ কৰা বাহনত কোনো দুজন লোকে পিছা কৰাৰো অভিযোগ কৰে।


মহিলগৰাকীৰ দাবী বিশাখা গাইডলাইন আৰু কৰ্মস্থলীত যৌন নিৰ্যাতনৰ বিষয়ত থকা POSH আইনৰ অধীনত আনুষ্ঠানিকভাৱে এই তদন্ত হ’ব লাগে।


মই কমিটিৰ তদন্ত প্ৰক্ৰিয়াৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ’লো যিহেতু কমিটিয়ে মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে অহা যৌন নিৰ্যাতনৰ গোচৰ হিচাপে গুৰুত্ব সহকাৰে সমগ্ৰ বিষয় গ্ৰহণ কৰা নাই। সমতা আৰু স্বচ্ছতা বৰ্তাই ৰাখিবলৈ এক নিৰ্দিষ্ট প্ৰক্ৰিয়া ইয়াত গ্ৰহণ কৰাটো প্ৰয়োজন।


উল্লেখযোগ্য যে মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে মহিলাগৰাকীয়ে অনা যৌন নিৰ্যাতনৰ অভিযোগ যোৱা ২০ এপ্ৰিলত ৰাজহুৱা হৈছিল। তেওঁ এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ২২গৰাকী ন্যায়াধীশলৈ প্ৰেৰণ কৰা শপতনামা কেইটামান ৱেব পৰ্টেলে প্ৰকাশ কৰিছিল। এই শপতনামাত মহিলাগৰাকীয়ে ৰঞ্জন গগৈৰ বিৰুদ্ধে দুটা উপলক্ষ্যত যৌন নিৰ্যাতন কৰাৰ অভিযোগ কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি