কিছুদিন পূৰ্বে পশ্চিম বংগত প্ৰেমিকাৰ ঘৰৰ সন্মুখত এজন যুৱকে ধৰ্ণাত বহাৰ ঘটনা নিশ্চয় আপোনাৰ মনত আছে। ৭ বছৰীয়া প্ৰেমৰ প্ৰতিদান বিচাৰি প্ৰেমিকাৰ ঘৰৰ সন্মুখত ধৰ্ণাত বহিছিল যুৱকজনে। উপায়ন্তৰ হৈ প্ৰেমিকাই সন্মতি জনাইছিল বিয়াত। প্ৰতিবাদৰ অন্তত সম্পন্ন হৈছিল দুয়োৰে বিবাহ।
এইবাৰ ঘটনা বিপৰীত। এইবাৰ প্ৰেমিক নহয়, আমৰণ অনশনত বহিল প্ৰেমিকা। ঘটনাটো পশ্চিম বংগৰে। মঙলবাৰৰ বৰা বৰষুণকো উপেক্ষা কৰি আলিপুৰদুৱাৰৰ ফালাকাটা ব্লকৰ দক্ষিণ দেওগাঁৱত অনশনত বহিল এগৰাকী যুৱতী। প্ৰেমিক ইমৰাণ হাছানৰ সন্মুখত প্লেকাৰ্ড হাতত লৈ ধৰ্ণাত বহিল যুৱতীগৰাকী।
![]()
প্ৰেমিকাৰ ঘৰ ধূপগুৰিৰ সাকোৱাঝোৰত। প্ৰেমিকা ৰুণী পাৰবিনৰ দাবী, দীৰ্ঘদিনীয়া প্ৰেমৰ পিছত আদালতত বিবাহকাৰ্য সম্পন্ন হৈছিল দুয়োৰে। কেইবাদিনো প্ৰেমিকাৰ সৈতে নৈশযাপনো কৰিছে প্ৰেমিকে। কিন্তু যুৱতীগৰাকীক সামাজিকভাৱে পত্নীৰ স্বীকৃতি দিবলৈ অমান্তি হৈছিল প্ৰেমিক। সেয়েহে এতিয়া সামাজিকভাৱে বিয়াৰ দাবীত প্ৰেমিকৰ পদূলিত ধৰ্ণাত বহিছে প্ৰেমিকা। বিয়াৰ পঞ্জীয়ন প্ৰমাণপত্ৰও লগত আনিছে প্ৰেমিকাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|