• Home
  • »
  • News
  • »
  • nation
  • »
  • পবিত্ৰ ঈদৰ দিনাই সন্ত্ৰাসবাদীয়ে প্ৰাণ ল’লে এগৰাকী মুছলমান মহিলাৰ

পবিত্ৰ ঈদৰ দিনাই সন্ত্ৰাসবাদীয়ে প্ৰাণ ল’লে এগৰাকী মুছলমান মহিলাৰ

Source-Google

Source-Google

ঈদৰ উলহমালহৰ মাজতে সাবটিলে এগৰাকী দুৰ্ভগীয়া মহিলাই। নিহত মহিলাগৰাকীৰ লগতে সন্ত্ৰাসবাদীৰ গুলীত গুৰুতৰ ভাবে আহত এজন

  • Share this:
    সন্ত্ৰাসজৰ্জৰ জম্মু–কাশ্মীৰ আকৌ হ’ল অশান্ত। পবিত্ৰ ঈদৰ দিনাই জম্মু–কাশ্মীৰৰ পুলৱামাত চলিল সন্ত্ৰাসবাদীৰ গুলীয়াগুলী। বুধবাৰে ঈদ উদযাপন কৰি থকাৰ সময়তে পুলৱামাৰ কাকাপাৰাৰ  এগৰকী ইছলামধৰ্মী লোকৰ ঘৰত সন্ত্ৰাসবাদীয়ে প্ৰবেশ কৰি নিৰ্বিচাৰে গুলীচালনা কৰে। গুলীচালনাৰ ফলত নিহত হয় এগৰাকী মহিলা। আৰক্ষীৰ তথ্য অনুসৰি গুলীচালনাত গুৰুতৰ ভাবে আহত হৈছে এগৰাকী লোক। ইতিমধ্যে আহত লোকজনক চিকিত্সালয়ত ভৰ্তি কৰা হৈছে।

    আৰক্ষী সুত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি মৃত মহিলা গৰাকীৰ নাম নগীনা বানু বুলি চিনাক্ত কৰা হৈছে। ২০১৭ চনত মহিলাগৰাকীৰ স্বামীকো সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল। ঘটনাত গুৰুতৰ ভাবে আহত হোৱা লোকজনৰ নাম মহমদ চুলতান বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। গুলীয়াগুলী ঘটনাৰ পিছতে অঞ্চলজুৰি এতিয়া গঢ়ি তুলা হৈছে কটকটীয়া নিৰাপত্তা।  ঘটনা সন্দৰ্ভত আৰক্ষীয়েও আৰম্ভ কৰিছে অভিযান।


    Published by:Dulu Medhi
    First published:

    শেহতীয়া বাতৰি