২৫ বছৰীয়া এগৰাকী যুৱতীয়ে নিজৰ প্ৰেমিকৰ কথা মতে Youtubeৰ ভিডিও চাই নিজৰ গৰ্ভস্থ ভ্ৰুণৰ গৰ্ভপাত কৰিবলৈ চেষ্টা কৰে। পিছত অত্যন্ত সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয় যুৱতীগৰাকীক।
মহাৰাষ্ট্ৰৰ নাগপুৰৰ আৰক্ষীয়ে জনাইছে যে, অভিযুক্ত যুৱকজনক ইতিমধ্যে আটক কৰা হৈছে। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ঘটনাটো যোৱা বৃহস্পতবাৰে যোধপুৰ নগৰ এলেকাত সংঘটিত হৈছিল।
আৰক্ষীৰ খবৰ অনুসৰি, অভিযোগকাৰী যুৱতীৰ দাবী, বিয়াৰ প্ৰতিশ্ৰুতিৰে ২০১৬ চনৰ পৰাই একেৰাহে তেওঁক ধৰ্ষণ কৰি আহিছিল শ্বোয়েৰ খান নামৰ ৩০ বছৰীয়া যুৱকজনে। শ্বোয়েৰক পিছত অন্তঃসত্ত্বা হোৱাৰ কথা জনালে যুৱতীগৰাকীয়ে। আৰু তেতিয়াই ধৃত যুৱকজনে ইউটিউবৰ ভিডিও চাই যুৱতীগৰাকীক গৰ্ভপাত কৰাৰ পৰামৰ্শ দিয়ে। আৰু যুৱতীগৰাকীয়েও তেনেদৰে গৰ্ভপাত কৰিবলৈ চেষ্টা কৰাত স্বাস্থ্য ব্যাপক ভাবে অৱনতি হয়। পিছত পৰিয়ালৰ লোকে যুৱতীগৰাকীক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰে। বৰ্তমান হাস্পতালতে আছে যুৱতীগৰাকী।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|