CAA বিৰোধী সভাত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি, মহিলাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ

News18 Assam | News18-Assam
Updated:February 21, 2020, 8:03 AM IST
CAA বিৰোধী সভাত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি, মহিলাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ
অৱেইছীয়ে কয় যে এই মহিলাগৰাকীৰ সৈতে মোৰ বা আমাৰ দলৰ সৈতে এই মহিলাগৰাকীৰ কোনো সম্পৰ্ক নাই। আয়োজকে তেওঁক ইয়ালৈ মাতিব নালাগিছিল। আমি কেতিয়াও আমাৰ শত্ৰু পাকিস্তানক সমৰ্থন নকৰো।

অৱেইছীয়ে কয় যে এই মহিলাগৰাকীৰ সৈতে মোৰ বা আমাৰ দলৰ সৈতে এই মহিলাগৰাকীৰ কোনো সম্পৰ্ক নাই। আয়োজকে তেওঁক ইয়ালৈ মাতিব নালাগিছিল। আমি কেতিয়াও আমাৰ শত্ৰু পাকিস্তানক সমৰ্থন নকৰো।

  • Share this:
CAA, NRC আৰু NPRৰ বিৰুদ্ধে বেংগালুৰুত এক কাৰ্যসূচীত এগৰাকী মহিলাই মঞ্চত দিলে ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি। লগে লগে মঞ্চত লাগিল হুলস্থূল। বৃহস্পতিবাৰে যি কাৰ্যসূচীত এই ধ্বনি দিছিল, সেই মঞ্চত উপস্থিত আছিল AIMIMৰ মুৰব্বী আছাদুদ্দিন অৱেইছীও। মহিলাগৰাকীৰ এই কাৰ্যক তীব্ৰ সমালোচনা কৰাৰ লগতে অৱেইছীয়ে কয় যে আমি ইয়ালৈ ভাৰতৰ বাবে আহিছো। মহিলাগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২৪ এ ধাৰাৰ অধীনত ৰুজু কৰা হৈছে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ। আৰক্ষীয়ে মহিলাগৰাকীক সোধা–পোছাৰ অন্তত আদালতত হাজিৰ কৰোৱা হ’ব।

মহিলাগৰাকীৰ নাম অমূল্যা বুলি জানিব পৰা হৈছে। মঞ্চত মহিলাগৰাকীয়ে ৰাইজক ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিবলৈ আহ্বান জনাইছিল। মহিলাগৰাকীৰ এই ধ্বনিৰ কিছুক্ষণ পূৰ্বে ভাষণ দি মঞ্চৰ পৰা নামিবলৈ লৈছিল আছাদুদ্দিন অৱেইছী। মহিলাগৰাকীয়ে এই ধ্বনি দিয়াত পুনৰ মঞ্চলৈ অহাৰ লগতে আয়োজকে মহিলাগৰাকীৰ হাতৰ পৰা মাইক্ৰ’ফোন কাঢ়ি নিয়াৰ চেষ্টা কৰে। লগে লগে মঞ্চত উপস্থিত হৈছিল আৰক্ষীও। কেইবাবাৰো ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়াৰ পিছত মহিলাগৰাকীয়ে নিজৰ কথা আৰম্ভ কৰিবলৈ লৈছিল, কিন্তু যেতিয়াই আয়োজকে ইয়াৰ বিৰোধিতা কৰিলে তাৰ পিছত মহিলাগৰাকীয়ে শীঘ্ৰে ‘হিন্দুস্তান জিন্দাবাদ’ ধ্বনি দিয়ে।

ইয়াৰ পিছতে অৱেইছীয়ে কয় যে এই মহিলাগৰাকীৰ সৈতে মোৰ বা আমাৰ দলৰ সৈতে এই মহিলাগৰাকীৰ কোনো সম্পৰ্ক নাই। আয়োজকে তেওঁক ইয়ালৈ মাতিব নালাগিছিল। আমি কেতিয়াও আমাৰ শত্ৰু পাকিস্তানক সমৰ্থন নকৰো। আমাৰ চেষ্টা ভাৰতক ৰক্ষা কৰা।
আৰু চাওক
পৰৱৰ্তী বাতৰি