স্বামীক অচেতন কৰি আন পুৰুষৰ সৈতে বেডৰুমত পত্নী, হঠাৎ চেতনা ঘূৰি আহিল স্বামীৰ, তাৰ পিছত...

প্ৰায় এবছৰ পূৰ্বে লগ পোৱা মনজিত নামৰ এজন অটো চালকৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল ৰবিৰ পত্নীৰ।

News18-Assam
Updated:September 18, 2019, 9:52 AM IST
স্বামীক অচেতন কৰি আন পুৰুষৰ সৈতে বেডৰুমত পত্নী, হঠাৎ চেতনা ঘূৰি আহিল স্বামীৰ, তাৰ পিছত...
Photo : amarujala.com
News18-Assam
Updated: September 18, 2019, 9:52 AM IST
হাৰিয়ানাৰ যমুনা নগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিজৰ প্ৰেমিকৰ সৈতে অবৈধ সম্পৰ্ক স্থাপনৰ বাবে এগৰাকী মহিলাই নিশাৰ আহাৰৰ সৈতে প্ৰায়ে নিচাযুক্ত দ্ৰৱ্য মিহলাই খুৱাইছিল স্বামীক। স্বামী অচেতন হোৱাৰ পিছত ঘৰলৈ আহিছিল প্ৰেমিক। কিন্তু প্ৰেমিকৰ সৈতে বেডৰুমত থকাৰ সময়তে এদিন হঠাৎ চেতনা ঘূৰি আহিল স্বামীৰ। প্ৰেমিকৰ সৈতে আপত্তিজনক অৱস্থাত পত্নীক প্ৰত্যক্ষ কৰিলে স্বামীয়ে। ইয়াৰ পিছতে অবৈধ প্ৰেমিকৰ সৈতে মিলি মহিলাগৰাকীয়ে চিলিণ্ডাৰেৰে মৰিয়াই হত্যা কৰে স্বামীক।

আজ টকৰ ৰিপ’ৰ্ট অনুসৰি, যমুনা নগৰত ৰবি নামৰ এজন লোকে পত্নীৰ সৈতে বাস কৰিছিল। ছেল্ছমেনৰ কাম কৰা ৰবিয়ে অধিক সময় ঘৰৰ বাহিৰত থাকিবলগীয়া হৈছিল। প্ৰায় এবছৰ পূৰ্বে লগ পোৱা মনজিত নামৰ এজন অটো চালকৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল ৰবিৰ পত্নীৰ।

কিছুদিন পূৰ্বে মহিলাগৰাকীৰ স্বামীয়ে কৰ্তব্য শেষ কৰি ঘৰলৈ অহাৰ পিছত খাদ্যত নিচাযুক্ত দ্ৰৱ্য মিহলাই অচেতন কৰে পত্নীয়ে। ইয়াৰ পিছতে ৰবিৰ পত্নীয়ে প্ৰেমিক মনজিতক ঘৰলৈ মাতে। নিশা হঠাৎ চেতনা ঘূৰাই পালে ৰবিয়ে। প্ৰেমিকৰ সৈতে আপত্তিজনক অৱস্থাত প্ৰত্যক্ষ কৰিলে পত্নীক। আৰু তাৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ ভয়ত অবৈধ প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা কৰে মহিলাগৰাকীয়ে।

পুৱা মহিলাগৰাকীয়ে স্বামীৰ মৃত্যুৰ খবৰ জনায় পৰিয়ালক। মহিলাগৰাকীয়ে পৰিয়ালৰ আগত কয় যে নিশা দুয়োৰে মাজত কাজিয়া হৈছিল আৰু বিচনাত মূৰ খুন্দা খোৱাৰ ফলতে মৃত্যু হয় ৰবিৰ। ঘটনা সন্দৰ্ভত ৰবিৰ পৰিয়ালে থানাত দাখিল কৰে এজাহাৰ। আৰক্ষীয়ে জেৰা কৰাত মহিলাগৰাকীয়ে স্বীকাৰ কৰে হত্যাকাণ্ডৰ কথা। তাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীৰ লগতে অবৈধ প্ৰেমিক মনজিতক।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি