১০০ কিলোমিটাৰ প্ৰসৱৰ যন্ত্ৰণাত চটফটাই পালেগৈ হাস্পতাল, সন্তান জন্মৰ পিছতে মাতৃৰ দেহত ওলাল কোৰোণা পজিটিভ

ৰেড জ’নৰ এগৰাকী মহিলাৰ অসহায় অৱস্থা
কাশ্মীৰৰ এগৰাকী গৰ্ভৱতী মহিলা ল’ক ডাউনৰ ফলত পৰিল বিপদত। ১০০ কিলো মিটাৰ বাট প্ৰসৱৰ বেদনাত চটফটাই মহিলাগৰাকীক চিকিত্সালয়লৈ নিবলগীয়া হ’ল। মহিলাগৰাকীক প্ৰথমে ঘৰৰ ওচৰৰে এখন চিকিত্সালয়ৈ নিয়া হৈছিল যদিও পিছত মহিলাগৰাকীক শ্ৰীনগৰৰস্থিত SKIMS মেডিকেল কলেজলৈ ৰেফাৰ কৰা হয়। কিন্তু মেডিকেল কলেজ খন ‘কোৰোণা হাস্পতাল’ কৰাৰ বাবে মহিলাগৰাকীক ‘লালডেড নামৰ এখন চিকিত্সালয়ত ভৰ্তি কৰা হয়। তাতেই মহিলাগৰাকীয়ে জন্মদিয়ে এটি পুত্ৰ সন্তান।
কিন্তু সন্তান জন্মৰ পিছতে মহিলাগৰাকীৰ বাবে আহিল অন্য এটা বেয়া খবৰ। ধৰা পৰিল মহিলাগৰাকীৰ দেহত কোৰোণা ভাইৰাছৰ অৱস্থিতি। লগে লগে মহিলাগৰাকীক এম্বুলেঞ্চৰ জৰিয়তে লৈ যোৱা হয় কোৰোণা হাস্পতাললৈ। উল্লখযোগ্য যে, মহিলাগৰাকীৰ ঘৰ কাশ্মীৰৰ অনন্তনাগত। এই অঞ্চল কোৰোণা ভাইৰাছৰ ৰেড জ’নত অন্তৰ্ভুক্ত।