৩৫ মিনিটৰ ভিতৰত এগৰাকী মহিলাই জন্ম দিলে ৬টা সন্তান। চাৰিটা পুত্ৰ সন্তানৰ লগতে দুই কন্যা সন্তান জন্ম দিলে ২৩ বছৰীয়া মহিলাগৰাকীয়ে। জন্মৰ কিছু সময় পিছতে ৫টা সন্তানৰ মৃত্যু হয় আৰু আনটো শিশুৰ অৱস্থা বৰ্তমান চিন্তাজনক। ঘটনাটো মধ্য প্ৰদেশৰ ছেওপুৰ জিলাৰ। জিলা হাস্পতালত মহিলাগৰাকীয়ে জন্ম দিয়ে সন্তানকেইটা।
হাস্পতালত ভৰ্তি কৰোৱাৰ পিছত মহিলাগৰাকীৰ ছোনোগ্ৰাফী কৰা হয়। ছোনোগ্ৰাফীত ধৰা পৰে যে এটা নহয়, মহিলাগৰাকীৰ গৰ্ভত আছে ৬টা সন্তান। এই ঘটনাত আচৰিত হৈ পৰে হাস্পতালখনৰ নাৰ্ছৰ লগতে চিকিৎসা কৰ্মীৰ। কিন্তু প্ৰসূতি ৰোগ বিশেষজ্ঞ বি এল যাদৱে পৰিস্থিতি চম্ভালি লৈ প্ৰসৱ কৰোৱায় সন্তানকেইটা।
চিকিৎসকৰ মতে, নৱজাতককেইটাৰ ওজন অতি কম আছিল, সেইবাবে দুই কন্যা সন্তানৰ প্ৰসৱৰ কিছু সময় পিছতে মৃত্যু হয়। এই নৱজাতক দুটিৰ ওজন আছিল ক্ৰমে ৩৯০ গ্ৰাম আৰু ৪৫০ গ্ৰাম। আন তিনিটা নৱজাতকৰো প্ৰসৱৰ পিছতে মৃত্যু হয়। মহিলাগৰাকীয়ে সাধাৰণভাৱেই জন্ম দিছিল আটাইকেইটা সন্তান। নিৰ্ধাৰিত সময়ৰ পূৰ্বেই জন্ম হোৱা বাবে শিশুকেইটাৰ ওজন আছিল অতি কম। এয়া এক দুৰ্লভ ঘটনা বুলি মন্তব্য কৰিছে চিকিৎসকে।