মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Viral Video: "ৰাখে হৰি মাৰে কোনে"- ৰে'লৰ চেপাৰ পৰা কথমপি প্ৰাণৰক্ষা এগৰাকী মহিলাৰ

Viral Video: "ৰাখে হৰি মাৰে কোনে"- ৰে'লৰ চেপাৰ পৰা কথমপি প্ৰাণৰক্ষা এগৰাকী মহিলাৰ

News18 Assam | News18-Assam
Updated:September 23, 2021, 12:28 AM IST
Viral Video:
ৰেলত উঠিবলৈ যাওঁতেই ভয়ংকৰ অঘটন।

ৰেলত উঠিবলৈ যাওঁতেই ভয়ংকৰ অঘটন।

  • News18 Assam
  • Last Updated: September 23, 2021, 12:28 AM IST
  • Share this:

যেতিয়া ভগৱান লগত থাকে তেতিয়া কোনো বিপদে মানুহক স্পৰ্শ কৰিব নোৱাৰে। সেয়ে সকলোৱে কয়,  "ৰাখে হৰি মাৰে কোনে।" শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা এনে এক ভিডিঅ'ই এই কথাকেই যেন পুনৰ প্ৰমাণ কৰিছে।


 মুম্বাইৰ ভাচাই ৰে'ল ষ্টেচনত দৌৰা-দৌৰিকৈ ৰে'লত উঠিবলৈ যোৱা এগৰাকী মহিলাৰ লগত সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা। লাহে লাহে ষ্টেচন এৰা ৰে'লখনত জঁপিয়াই উঠিবলৈ যোৱা মহিলাগৰাকীৰ হঠাৎ ভৰি পিছল খালে। মহিলাগৰাকী হঠাতে ৰে'লৰ তললৈ সোমাই যাবলৈ ধৰিলে।


কিন্তু ষ্টেচনত তেওঁৰ কাষতে থকা এগৰাকী যাত্ৰীয়ে তৎক্ষণাত মহিলাগৰাকীক তললৈ সোমাই যোৱাৰ পৰা উদ্ধাৰ কৰে। আনহাতে ৰে'লখনত থকা যাত্ৰীসকলেও চেইন টানি ৰে'লখন ৰখোৱাত কথমপি প্ৰাণৰক্ষা পৰে মহিলাগৰাকী। এই সমগ্ৰ দৃশ্যৰাজি বন্দী হয় ৰে'লৱে ষ্টেচনটোৰ চিচিটিভি কেমেৰাত। ইয়াৰ পিছতে এই চিচিটিভি ফুটেজ ধুমুহাৰ গতিত বিয়পি পৰে সামাজিক মাধ্যমত।






সকলোৱে এই ভিডিঅ'টো চোৱাৰ পিছত এয়া ভগৱানৰ চমৎকাৰ বুলিয়ে মন্তব্য কৰিছে। আনহাতে, মহিলাগৰাকী সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে যদিও তেওঁ সম্পূৰ্ণ সুস্থ বুলি জানিব পৰা গৈছে। ইয়াকে কয়, "ৰাখে হৰি মাৰে কোনে।"

Published by: Gautam Barman
First published: September 23, 2021, 12:25 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি