মুখ্যপৃষ্ঠা »খবৰ »দেশ »Mizoram: প্ৰাক্তন পত্নীক হত্যাৰ বাবে আত্মঘাতী বোমাৰ আশ্ৰয় পতিৰ, মিজোৰামত চাঞ্চল্যকৰ হত্যাকাণ্ড

Mizoram: প্ৰাক্তন পত্নীক হত্যাৰ বাবে আত্মঘাতী বোমাৰ আশ্ৰয় পতিৰ, মিজোৰামত চাঞ্চল্যকৰ হত্যাকাণ্ড

representative image

representative image

এজন প্ৰত্যক্ষদৰ্শীয়ে কয় যে স্বামীয়ে পত্নী টাংথিয়াংঘলিমিৰ কাষত বহে আৰু এটা চিগাৰেট খুৱাবলৈ কয়।

  • Share this:

এটা আজব খবৰে চাঞ্চল্য সৃষ্টি কৰিছে মিজোৰামত। এগৰাকী ৬২ বছৰীয়া লোকে তেওঁৰে বিচ্ছেদিত পত্নীক হত্যা কৰাৰ বাবে ব্যৱহাৰ কৰিছে আত্মঘাতী বোমা। মঙলবাৰে দুপৰীয়াৰ ভাগত দক্ষিণ মিজোৰামৰ লুংলেই চহৰত সংঘটিত হয় এই আত্মঘাতী বোমা আক্ৰমণ।


সূত্ৰ অনুসৰি, এই ঘটনা লুংলেই জিলাৰ উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয়। ঘটনাৰ সময়ত ভুক্তভোগী পত্নীগৰাকীয়ে তেওঁৰ ৪০ বছৰীয়া জীয়েকৰ সৈতে পাচলি বিক্ৰী কৰি আছিল।


প্ৰতিবেদন অনুসৰি, অভিযুক্ত ৰোহমিংগলিয়ানা আছিল ৬১ বছৰীয়া ভুক্তভোগী পত্নীৰ দ্বিতীয় স্বামী, যাৰ সৈতে প্ৰায় এবছৰ আগতে পৃথক হৈছিল। দম্পতীটোৰ দুই পুত্ৰও আছে। ঘটনাটোৰ ব্যাখ্যা দি এজন প্ৰত্যক্ষদৰ্শীয়ে কয় যে ৰোহমিংগলিয়ানাই প্ৰথমে পত্নী টাংথিয়াংঘলিমিৰ কাষত বহে আৰু এটা চিগাৰেট খুৱাবলৈ কয়।


কিন্তু চিগাৰেটটো জ্বলোৱাৰ লগে লগে তেওঁ মূৰ ঘূৰোৱাৰ ভাও ধৰি পত্নীৰ ওপৰত পৰে আৰু তেতিয়াই বিস্ফোৰণ হয়। ইয়াৰ পিছত দুয়োকে ততাতৈয়াকৈ ওচৰৰ লুংলেই জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও মৃত ঘোষণা কৰা হয়। ভুক্তভোগীগৰাকীৰ ৪০ বছৰীয়া কন্যাগৰাকীয়ে অৱশ্যে কোনো আঘাত পোৱা নাই।


লুংলেই জিলাৰ আৰক্ষী অধীক্ষক ৰেক্স ভাঞ্চাৱাঙৰ মতে, আত্মঘাতী বোমাত জিলেটিন ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াক পোছাকৰ ভিতৰত লুকুৱাই ৰখাৰ সন্দেহ কৰা হৈছে।

শেহতীয়া বাতৰি