• Home
  • »
  • News
  • »
  • nation
  • »
  • Pitbull Dog : তিনি বছৰ ধৰি পুত্ৰই পুহিছিল পিটবুল কুকুৰ, কামুৰি প্ৰাণ কাঢ়িলে ৮০ বছৰীয়া শিক্ষয়িত্ৰী মাতৃৰ

Pitbull Dog : তিনি বছৰ ধৰি পুত্ৰই পুহিছিল পিটবুল কুকুৰ, কামুৰি প্ৰাণ কাঢ়িলে ৮০ বছৰীয়া শিক্ষয়িত্ৰী মাতৃৰ

এই বাতৰিটো কেৱল দুখজনকেই নহয়, লগতে আশ্চৰ্যজনকো।

এই বাতৰিটো কেৱল দুখজনকেই নহয়, লগতে আশ্চৰ্যজনকো।

এই বাতৰিটো কেৱল দুখজনকেই নহয়, লগতে আশ্চৰ্যজনকো।

  • Share this:
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এগৰাকী ৮০ বছৰীয়া মহিলাক তেওঁৰ পুত্ৰৰ পোহনীয়া পিটবুল জাতৰ কুকুৰে কামুৰি প্ৰাণনাশ কৰে। পুত্ৰৰ অনুপস্থিতিত পোহনীয়া কুকুৰটোৰ এই আচৰণে এতিয়া দেশৰ কুকুৰপ্ৰেমী লোকসকলক উদ্বিগ্ন কৰিছে।

মৃত মহিলাগৰাকী সুশীলা ত্ৰিপাঠী বুলি চিনাক্ত কৰা হৈছিল। তেওঁৰ পুত্ৰ অমিত এজন জিম প্ৰশিক্ষক, যাৰ দুটা পোহনীয়া কুকুৰ আছে। এটা পিটবুল আৰু এটা লেব্ৰেডৰ। পিটবুল কুকুৰটোক পুত্ৰই ব্ৰাউনি নামেৰে মাতিছিল আৰু তিনি বছৰ আগতে ঘৰলৈ অনা হৈছিল। কুকুৰটোৰ বাবে অমিতৰ মাতৃও পিৰচিত আছিল। একেটা ঘৰতে বাস কৰা মাতৃ-পুত্ৰৰ মৰমৰ আছিল কুকুৰটো (pet Pitbull dog)। কিন্তু কালিৰ দিনটো আছিল কৰুণ।

এই ঘটনা কালি পুৱা প্ৰায় ৬ বজাত সংঘটিত হৈছিল, যেতিয়া মহিলাগৰাকী ঘৰত অকলে আছিল। পিছত পুত্ৰ ঘৰলৈ আহি মাতৃক তেজেৰে লুতুৰি-পুতুৰি হৈ মজিয়াত পৰি থকা দেখিছিল। ততাতৈয়াকৈ ওচৰৰ বলৰামপুৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও অত্যধিক ৰক্তক্ষৰণৰ বাবে সুশীলা ত্ৰিপাঠীৰ মৃত্যু হয় (Pet dog attack woman)।

এই ঘটনাক লৈ এতিয়া লক্ষ্ণৌ পৌৰ নিগমে (Lucknow Municipal Corporation) পিটবুল জাতৰ কুকুৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। পিটবুলে মহিলাগৰাকীক কিয় হত্যা কৰিছিল জানিবলৈ গৱেষণা কৰিবলৈ চাৰিজনীয়া এটা পেনেলো গঠন কৰা হৈছে।

এই বাতৰিটো কেৱল দুখজনকেই নহয়, লগতে আশ্চৰ্যজনকো। যদি মানুহে তেওঁলোকৰ সুৰক্ষাৰ বাবে ডাঙৰ কৰা কুকুৰটো তেওঁলোকৰ বাবে বিপদ হৈ পৰে, তেন্তে ই চিন্তাৰ বিষয়।

প্ৰশাসনে এই ঘটনাৰ পিছতে কুকুৰ প্ৰেমীসকলক সুৰক্ষাৰ বাবে পোহা কুকুৰক লৈ সতৰ্ক হৈ থকাৰ আহ্বান জনাই ইয়াৰ প্ৰশিক্ষণ দিশটোত গুৰুত্ব আৰোপ কৰিবলৈ কৈছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি