একপক্ষীয় প্ৰেমৰ ভয়ংকৰ পৰিণতি! মহিলা অধ্যাপকক পেট্ৰ’ল ঢালি জ্বলাই দিলে যুৱকে

News18 Assam | News18-Assam
Updated:February 4, 2020, 8:04 PM IST
একপক্ষীয় প্ৰেমৰ ভয়ংকৰ পৰিণতি! মহিলা অধ্যাপকক পেট্ৰ’ল ঢালি জ্বলাই দিলে যুৱকে
আৰক্ষীয়ে যুৱকজনক আদালতত হাজিৰ কৰোৱাত আদালতে ৮ ফেব্ৰুৱাৰীলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে যুৱকজনক আদালতত হাজিৰ কৰোৱাত আদালতে ৮ ফেব্ৰুৱাৰীলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

  • Share this:
একপক্ষীয়ে প্ৰেমৰ বাবেই এগৰাকী মহিলা অধ্যাপকক পেট্ৰ’ল ঢালি দিয়াৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ ৱৰ্ধা জিলাত। সংকটজনক অৱস্থাত মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছে নাগপুৰৰ হাস্পতালত। অভিযুক্তক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ৰুজু কৰিছে এক গোচৰ।

ঘটনাটো ৱৰ্ধা জিলাৰ হিংগণঘাটৰ। সোমবাৰে পুৱা মহিলাগৰাকীয়ে বাছৰ পৰা নমাৰ সময়তে অভিযুক্ত বিকেশ নগৰালে সংঘটিত কৰে এই লোমহৰ্ষক ঘটনা। মহিলাগৰাকীৰ মূৰ আৰু শৰীৰত পেট্ৰ’ল ঢালি জ্বলাই দি পলায়ন কৰে যুৱকজনে। নিজৰ বাইকৰ পৰা পেট্ৰ’ল উলিয়াই যুৱকজনে সংঘটিত কৰে এই কাণ্ড। ঘটনাস্থলীত উপস্থিত লোকে জুই নিৰ্বাপন কৰি মহিলাগৰাকীক ভৰ্তি কৰোৱায় হাস্পতালত।

অভিযুক্ত যুৱকজন


প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে একপক্ষীয় প্ৰেমৰ বাবেই যুৱকজনে সংঘটিত কৰে এই কাণ্ড। আৰক্ষীয়ে জানিব পৰা মতে, অভিযুক্ত আৰু ভুক্তভোগী মহিলাগৰাকী পূৰ্বৰে পৰা চিনাকি। কিন্তু মাজতে দুয়োৰে মাজত বন্ধুত্বৰ সম্পৰ্ক বিচ্ছিন্ন হৈছিল। জানিব পৰা মতে, অভিযুক্ত যুৱকজন বিয়া পতা আৰু এটা সাতমহীয়া সন্তানো আছে। আৰক্ষীয়ে যুৱকজনক আদালতত হাজিৰ কৰোৱাত আদালতে ৮ ফেব্ৰুৱাৰীলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি