• Home
  • »
  • News
  • »
  • nation
  • »
  • প্ৰেমিকৰ সৈতে ধৰা পৰিল নৱবিবাহিতা বোৱাৰী, গাঁওবাসীয়ে ধৰি দুয়োৰে কাটিলে নাক

প্ৰেমিকৰ সৈতে ধৰা পৰিল নৱবিবাহিতা বোৱাৰী, গাঁওবাসীয়ে ধৰি দুয়োৰে কাটিলে নাক

সোমবাৰে নিশা প্ৰেমিকাক লগ ধৰিবলৈ আহি ধৰা পৰিল যুৱকজন।

সোমবাৰে নিশা প্ৰেমিকাক লগ ধৰিবলৈ আহি ধৰা পৰিল যুৱকজন।

সোমবাৰে নিশা প্ৰেমিকাক লগ ধৰিবলৈ আহি ধৰা পৰিল যুৱকজন।

  • Share this:
উত্তৰ প্ৰদেশৰ অযোধ্যাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অবৈধ সম্পৰ্ক ৰক্ষা কৰি ধৰা পৰা এগৰাকী বিবাহিত মহিলা আৰু এজন যুৱকক গাঁওবাসীয়ে দিলে তালিবানী শাস্তি। নৱবিবাহিতা মহিলাগৰাকীক প্ৰেমিকৰ সৈতে আপত্তিজনক অৱস্থাত প্ৰত্যক্ষ কৰিছিল পৰিয়ালৰ লোকে। তাৰ পিছতে গাঁওবাসীৰ সৈতে মিলি দুয়োকে প্ৰহাৰ কৰাৰ লগতে ৰছীৰে বান্ধি থয়। কাটি দিয়ে দুয়োৰে নাক।

অযোধ্যাৰ জনপদৰ পটৰংগা থানাৰ অন্তৰ্গত খণ্ড পিপৰা গাঁৱত সংঘটিত হৈছে এই ঘটনাটো। পিছত সংকটজনক অৱস্থাত মহিলাগৰাকীৰ লগতে যুৱকজনক ভৰ্তি কৰোৱা হয় হাস্পতালত। জানিব পৰা মতে, খণ্ড পিপৰা গাঁৱৰ ৩০ বছৰীয়া বিবাহিত মহিলাগৰাকীৰ একে গাঁৱৰে এজন ২৩ বছৰীয়া যুৱকৰ সৈতে আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক।

গোপনে দুয়ো দুয়োকে প্ৰায়ে লগ ধৰিছিল। এই কথা মহিলাগৰাকীৰ পৰিয়ালে জানিব পৰাত মহিলাগৰাকীক এশিকনী দিয়াৰ সিদ্ধান্ত লৈছিল। পৰিয়ালে দুয়োৰে ওপৰত নজৰ ৰখা আৰম্ভ কৰিছিল। সোমবাৰে নিশা প্ৰেমিকাক লগ ধৰিবলৈ আহি ধৰা পৰিল যুৱকজন। লগে লগে ওচৰ–চুবুৰীয়াসকল আহি দুয়োকে ৰছীৰে বান্ধি চলালে অকথ্য নিৰ্যাতন। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
Published by:Sanjay Kumar Das
First published: