ট্ৰাক ড্ৰাইভাৰৰ পৰা লিফট লোৱাই হ’ল কাল! দলৱদ্ধ বলাৎকাৰ কৰি জ্বলাই দিলে ২২বছৰীয়া মহিলা চিকিৎসকক

মহিলা চিকিৎসকক দলৱদ্ধ বলাৎকাৰ কৰা ঘটনাত অভিযুক্ত চাৰিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে দুজন ট্ৰাক ড্ৰাইভাৰক গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ পিছত টোল প্লাজা এলেকাত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ কাপোৰ, জোতা, এটা পানীৰ বটল।

- News18 Assam
- Last Updated: November 29, 2019, 4:52 PM IST
আৰক্ষীৰ মতে যুৱতীগৰাকীক তনডুপল্লি টোলপ্লাজাৰ ওচৰত বলাৎকাৰ কৰি হত্যা কৰা হয়। তাৰ পিছত ট্ৰাকত মৃতদেহ তুলি নি এঠাইত মৃতদেহ জ্বলাই দিয়ে ড্ৰাইভাৰ আৰু সহযোগীয়ে। পুৰি যোৱা মৃতদেহৰ কাষত যুৱতীগৰাকীয়ে পৰিধান কৰা পোছাকৰ কেতবোৰ টুকুৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ মতে, জ্বলাই দিয়াৰ পূৰ্বে দেহৰ সকলো কাপোৰ খুলি নগ্ন কৰি লোৱা হৈছিল যুৱতীগৰাকীক।
চাইবাৰাবাদ আৰক্ষীৰ জালত পৰা ব্যক্তিকেইজনৰ ভাষ্যৰ ভিত্তিত যুৱতীগৰাকীৰ পোছাক, জোতা, এটা পানীৰ বটল উদ্ধাৰ কৰা হৈছে। ভয়ংকৰ কাণ্ড সংঘটিত হোৱা ঠাইৰ সমীপৰ এখন টায়াৰ ৰিপেয়াৰ কৰা দোকানৰ মালিকৰ মতে, বৃহস্পতিবাৰে ৰাতি ৯টাৰ পৰা ১০বজাৰ ভিতৰত এগৰাকী যুৱতীয়ে তেওঁৰ স্কুটিখন আনিছিল টায়াৰ সলনি কৰাৰ কাৰণে।