বিয়া কৰা নহ’লে টকা দে’! একে সময়তে স্বামী আৰু প্ৰেমিকক ব্লেকমেইল! প্ৰেমিকে কৰিলে আত্মহত্যা, তাৰ পিছত...

বিবাহ বিচ্ছেদ হোৱাৰ পিছত প্ৰাক্তন স্বামীৰ বন্ধুৰ সৈতে প্ৰেমৰ সম্পৰ্ক, ব্লেকমেইলিং কৰাৰ অভিযোগ, পৰিণামত আত্মহত্যা কৰিলে প্ৰেমিকে। 

News18-Assam
Updated:October 23, 2019, 4:34 PM IST
বিয়া কৰা নহ’লে টকা দে’! একে সময়তে স্বামী আৰু প্ৰেমিকক ব্লেকমেইল! প্ৰেমিকে কৰিলে আত্মহত্যা, তাৰ পিছত...
বিবাহ বিচ্ছেদ হোৱাৰ পিছত প্ৰাক্তন স্বামীৰ বন্ধুৰ সৈতে প্ৰেমৰ সম্পৰ্ক, ব্লেকমেইলিং কৰাৰ অভিযোগ, পৰিণামত আত্মহত্যা কৰিলে প্ৰেমিকে। 
News18-Assam
Updated: October 23, 2019, 4:34 PM IST
এগৰাকী মহিলাৰ ব্লেকমেইলিঙৰ ভয়ংকৰ পৰিণাম। অবৈধ প্ৰেমিকে বাচি ল’লে আত্মহননৰ পথ। মহিলাগৰাকীৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছত প্ৰাক্তন স্বামীৰ বন্ধুৰ সৈতে মহিলাগৰাকীয়ে স্থাপন কৰিছিল প্ৰেমৰ সম্পৰ্ক। ঘটনাটো সংঘটিত হৈছে পশ্চিম বংগৰ বৰাকপুৰত।

বিবাহ বিচ্ছেদ হোৱা পিছত প্ৰাক্তন স্বামীক ব্লেকমেইল কৰা আৰম্ভ কৰিছিল এগৰাকী মহিলাই। আত্মহত্যাৰ ভাবুকি দি ধন দাবী কৰিছিল মহিলাগৰাকীয়ে। সেইসময়তে আকৌ স্বামীৰ বিবাহিত বন্ধুৰ সৈতেও অবৈধ প্ৰেমৰ সম্পৰ্ক ৰাখিছিল মহিলাগৰাকীয়ে। মহিলাগৰাকীয়ে প্ৰাক্তন স্বামীক কৰাৰ দৰে একেই ষ্টাইলত প্ৰেমিককো কৰিছিল  ব্লেকমেইল। প্ৰেমিকৰ পৰা লক্ষাধিক টকা দাবী কৰাৰ লগতে বিয়াৰ বাবেও দিছিল হেঁচা। এনেদৰে প্ৰায়ে মানসিক অশান্তি দি থকাৰ পিছত প্ৰেমিকজনে বাচি ল’লে আত্মহত্যাৰ পথ। ছুইচাইড নোটত লিখিথৈ গ’ল মহিলাগৰাকীৰ নাম। এতিয়া পলাতক অৱস্থাত আছে মহিলাগৰাকী। আৰক্ষীয়ে ইতিমধ্যে মহিলাগাৰাকীৰ সন্ধানত আৰম্ভ কৰিছে অভিযান।

অভিযোগ অনুসৰি, মহিলাগৰাকীয়ে এটা ভিডিঅ’ প্ৰেৰণ কৰি ধন দাবী কৰে প্ৰাক্তন স্বামীক। দাবী কৰা ধন নিদিলে আত্মহত্যা কৰাৰো ভাবুকি দিয়ে মহিলাগৰাকীয়ে। সেই একেটা ভিডিঅ’ মহিলাগৰাকীয়ে প্ৰেমিকলৈও প্ৰেৰণ কৰি কৈছিল যে, নিজৰ পত্নীৰ সৈতে সম্পৰ্ক ছেদ কৰ আৰু মোক বিয়া কৰা, অন্যথা পৰিণাম হ’ব ভয়ানক’।এনেদৰে প্ৰায়ে মানসিক নিৰ্যাতন চলাই অহাৰ পিছত আত্মহত্যাৰ পথ বাচি লয়  সুবীৰ নামৰ প্ৰেমিকজনে। এতিয়া সুবীৰৰ পত্নী ৰহস্যময়ী মহিলাগৰাকীৰ বিৰুদ্ধে থানাত ৰুজু কৰিছে গোচৰ।

 
আৰু চাওক পৰৱৰ্তী বাতৰি