আন এগৰাকী পুৰুষৰ সৈতে বিবাহবহিৰ্ভূত সম্পৰ্ক (extramarital affair) গঢ়ি উঠিছিল। এয়াই আছিল গৃহিণীৰ গৰিহণাযোগ্য অপৰাধ। কিন্তু গৃহিণী আৰু তেওঁৰ প্ৰেমিকক মৰেল পুলিচ ৰূপী একাংশ লোকে যি শাস্তি দিলে, সি দেশজুৰি চৰ্চিত হৈ পৰিছে। গাঁওৰ একাংশ লোকে শাস্তি স্বৰূপে দুয়ো প্ৰেমিক–প্ৰেমিকাক উলংগ কৰাই গাঁওবাসীৰ সন্মুখেৰে ৰাস্তাৰে ১ কিলোমিটাৰলৈ খোজ কঢ়ায়।
এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ দুমকাত। এনে এক লজ্জাজনক ঘটনা সংঘটিত হোৱাৰ পিছত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে জঘন্য অপৰাধটোত জড়িত থকাৰ বাবে ৬০জন লোকক গ্ৰেপ্তাৰ কৰিছে।
মহিলাগৰাকী আৰু তেওঁৰ প্ৰেমিক দুমকাৰ বাদতাল্লী পঞ্চায়তত বাস কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, গাঁওৰ মাতব্বৰ লোকৰ দ্বাৰা এই লজ্জাজনক শাস্তিৰ সন্মুখীন হয় দুয়ো। শ্ৰমিক ৰূপে কাম কৰা প্ৰেমিকে প্ৰেমিকা গৃহিণীক মঙলবাৰে লগ কৰিবলৈ গৈছিল। তেতিয়াই গাঁওখনৰ বাসিন্দাসকলে দুয়োকে অসংযত অৱস্থাত দেখা পোৱাৰ অভিযোগ তুলি এনে শাস্তি বিহে।
আৰক্ষীয়ে কয় যে অপৰাধৰ শাস্তি হিচাপে গাঁওবাসীয়ে দুয়োকে উলংগ কৰি সকলোৰে সন্মুখত ঘূৰোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁলোকক সকলোৰে সন্মুখত প্ৰায় এক কিলোমিটাৰ নগ্ন কৰাই খোজ কঢ়োৱা হয়। ইয়াৰ পিছতে আৰক্ষীয়ে জানিব পাৰি লগেলগে ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে জানিব পাৰিছে যে মহিলাগৰাকী গাঁওখনত অকলে থাকে। তেওঁৰ স্বামী এবছৰৰ বাবে কাৰাগাৰত আছে। মহিলাগৰাকীয়েও শ্ৰমিক ৰূপে জীৱিকা নিৰ্বাহ কৰে।
ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, দুয়ো একেলগে কাম কৰে, মঙলবাৰে প্ৰেমিকক লগ কৰিবলৈ মতাত তেওঁ মহিলাগৰাকীৰ ঘৰত উপস্থিত হোৱাৰ সময়তে গাঁওবাসীয়ে এনে কাণ্ড কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।