• Home
  • »
  • News
  • »
  • nation
  • »
  • বেংকৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা! হাতেৰে স্পৰ্শ নকৰাকৈ ATMৰ পৰা উলিয়াওক টকা, জানক সম্পূৰ্ণ প্ৰচেচ

বেংকৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা! হাতেৰে স্পৰ্শ নকৰাকৈ ATMৰ পৰা উলিয়াওক টকা, জানক সম্পূৰ্ণ প্ৰচেচ

এটিম স্পৰ্শ নকৰাকৈ কিদৰে টকা উলিয়াবঃ

এটিম স্পৰ্শ নকৰাকৈ কিদৰে টকা উলিয়াবঃ

এটিম স্পৰ্শ নকৰাকৈ কিদৰে টকা উলিয়াবঃ

  • Share this:
কোৰোণা মহামাৰীৰ পিছত দেশৰ কেইবাটাও বেংকে 'Contactless Cash withdrawals'ৰ পৰামৰ্শ দিছিল। কিন্তু এই সুবিধা সম্পূৰ্ণৰূপে স্পৰ্শবিহীন নাছিল। এতিয়া মাষ্টাৰকাৰ্ডে   সম্পূৰ্ণৰূপে স্পৰ্শ বিহীনভাবে টকা উলিয়াবৰ বাবে  'AGS Transact Technologies' ৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰিছে।  ইয়াৰ ফলত এটিএম কাৰ্ড ব্যৱহাৰকাৰীসকলে স্ক্ৰীণ স্পৰ্শ নকৰাকৈয়ে উলিয়াব পাৰিব টকা। ইয়াৰ বাবে কেৱল প্ৰয়োজন হ'ব কিউ আৰ কোড।

দৰাচলতে AGS Transact Technologies, AGSTTL নামৰ কোম্পানীটোৱে এটা নতুন চফ্টৱেৰ নিৰ্মাণ কৰিছে। যাৰ সহায়ত কোনো ব্যক্তিয়ে স্পৰ্শ নকৰাকৈ এটিএমৰ পৰা টকা উলিয়াব পাৰিব। AGSTTLৰ কাৰিকৰী বিষয়া মহেশ পেটেলে কয় যে, 'আমি সম্পূৰ্ণ ৰূপে স্পৰ্শ নকৰাকৈ টকা উলিওৱাৰ ব্যৱস্থা কৰিছো। মাষ্টাৰকাৰ্ড নেটৱৰ্কৰ ব্যৱহাৰকাৰী বেংকে  AGS Transact Technologiesৰ সৈতে সম্পৰ্ক কৰিব পাৰে।

এটিম স্পৰ্শ নকৰাকৈ কিদৰে টকা উলিয়াবঃ

  • ইয়াৰ বাবে প্ৰথমে স্মাৰ্টফোনত বেংকৰ এপটো খুলি QR Cash Withdrawalত গৈ ক্লিক কৰক।

  • যিমান টকা উলিয়াব সেয়া লিখক।

  • এটিম স্কীনত QR কোড স্কেন কৰক।

  • এতিয়া Proceedত ক্লিক কৰি কনফাৰ্ম কৰক।

  • নিজৰ পিন নম্বৰ দিয়ক

  • নিজৰ টকা এটিএমৰ পৰা উলিয়াওক।


লগতে পেটেলে কয় যে, 'এই সুবিধাF কেৱল মহামাৰীৰ পৰা ৰক্ষা কৰাই নহয়, লগতে এটিম ঠগৰ পৰা ৰক্ষা কৰিব। যেতিয়া আমি প্ৰথম দুই-ডেৰ বছৰ এইটো প্ৰযুক্তিত কাম কৰিছিলো তেতিয়া এপৰ জৰিয়তে টকা উলিওৱাৰ মুখ্য কাৰণ আছিল এটিম ঠগৰ পৰা ৰক্ষা কৰা।'

বেংক অৱ ইণ্ডিয়াই প্ৰথমে AGS Transact Technologiesৰ লগত এই কাম কৰিছিল। কিন্তু সম্পূৰ্ণ ৰূপে স্পৰ্শ বিহীন নাছিল। কিন্তু এতিয়া বেংক অৱ ইণ্ডিয়াই সম্পূৰ্ণ ৰূপে স্পৰ্শ বিহীন টকা উলিওৱা ব্যৱস্থা কৰিছে।
Published by:Himangshu Bhuyan
First published: