‘জন গণ মন’ গাই হাতত ত্ৰিৰংগা লৈ এইবাৰ অহিংস পথেৰে CAAৰ বিৰুদ্ধে প্ৰতিবাদ দেশৰ মুছলমানৰ

News18 Assam | News18-Assam
Updated:December 22, 2019, 12:36 PM IST
‘জন গণ মন’ গাই হাতত ত্ৰিৰংগা লৈ এইবাৰ অহিংস পথেৰে CAAৰ বিৰুদ্ধে প্ৰতিবাদ দেশৰ মুছলমানৰ
প্ৰতিবাদৰ পন্থা সলনি কৰিছে নেকি দেশৰ একাংশ মুছলমান লোকে।

প্ৰতিবাদৰ পন্থা সলনি কৰিছে নেকি দেশৰ একাংশ মুছলমান লোকে।

  • News18 Assam
  • Last Updated: December 22, 2019, 12:36 PM IST
  • Share this:
সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলিছে ধাৰাবাহিক আন্দোলন, প্ৰতিবাদ। শনিবাৰে জামে মছজিদৰ প্ৰাংগনত মুছলমান সকলে অন্যান্য সকলো ধৰ্মীয় লোকৰ সমৰ্থনত হাতে হাতে ত্ৰিৰংগা লৈ জন গণ মন পৰিবেশন কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ।

নাগৰিকত্ব সংশোধনী আইনৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ে দেশৰ মুছলমান সকলক সংকিট কৰি তুলিছে বুলি বিশেষ চৰ্চা চলিছে। ফলত নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ এইবাৰ কিছু পৃথক ধৰণে আন্দোলনত নমা দেখা গ’ল একাংশ মুছলমান ধৰ্মৰ লোকক। জামে মছজিদৰ প্ৰাংগনত  অহিংস পথেৰে, হাতত ত্ৰিৰংগালৈ ‘জন গণ মন’ গাই প্ৰতিবাদত বহিল মুছলমানলোক। ভাৰতীয় সংস্কৃতি বা সৰ্ব দিশৰ পৰাই দেশৰ মুছলমান লোকসকলৰ অৱদান কোনেও অস্বীকাৰ কৰিব নোৱাৰে যদিও, বহুতে একাংশ মুছলমান মানুহক লৈ নানা ধৰণৰ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়। ঠিক সেইসময়তে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে দেশৰ মুছলমান সকলকো নিজকে সকলো দিশৰ পৰাই ভাৰতীয় বুলি পৰিচয় দিবলৈ এক সুযোগ দিছে বুলি বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা চলিছে।
Published by: Himangshu Bhuyan
First published: December 22, 2019, 12:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading