১১৮বছৰ পিছত দিল্লীত শীতৰ ৰেকৰ্ড, পুৱা ২.৫ডিগ্ৰী চেলছিয়াছৰ তলত পাৰাস্তম্ভ, ব্যাহত বিমান আৰু ৰে’লসেৱা

News18 Assam | News18-Assam
Updated:December 28, 2019, 12:58 PM IST
১১৮বছৰ পিছত দিল্লীত শীতৰ ৰেকৰ্ড, পুৱা ২.৫ডিগ্ৰী চেলছিয়াছৰ তলত পাৰাস্তম্ভ, ব্যাহত বিমান আৰু ৰে’লসেৱা
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে ১৯০১চনৰ পিছত দিল্লী–এনচিআৰত দ্বিতীয়টো শীতাৰ্ত ডিচেম্বৰৰ দিন লিপিৱদ্ধ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে ১৯০১চনৰ পিছত দিল্লী–এনচিআৰত দ্বিতীয়টো শীতাৰ্ত ডিচেম্বৰৰ দিন লিপিৱদ্ধ।

  • News18 Assam
  • Last Updated: December 28, 2019, 12:58 PM IST
  • Share this:
শণিবাৰে পুৱা ৬বাজি ১০মিনিটত দিল্লীবাসী শোৱাপাটিৰ পৰা উঠাৰ সময়ত পাৰাস্তম্ভ আছিল ২.৪ডিগ্ৰী চেলছিয়াছ। শীতৰ লগতে ঘন কুঁৱলিয়ে চানি ধৰাৰ ফলত চাৰিখন বিমান আৰু ২৪খন ৰে’লৰ যাত্ৰা বাতিল কৰিবলগীয়া হয়।

কৰ্তৃপক্ষই জনোৱা মতে, বিমানবন্দৰৰ ভিতৰত CAT III B পৰিস্থিতিত বিমান পৰিচালনা কৰিবলগীয়া হৈছিল অৰ্থাৎ এয়াৰপৰ্টৰ ভিতৰত ৰাণৱেত ভিজুৱেল ৰেঞ্জ আছিল ৫০মিটাৰৰ পৰা ১৭৫মিটাৰৰ ভিতৰত।

বতৰ বিজ্ঞান কেন্দ্ৰই সপ্তাহটোৰ শেষান্তত তাপমাত্ৰা আৰু অধিক নিম্নগামী হোৱাৰো আগজাননী দিছে। মহানগৰীখনত বৰ্তমান ১৯৯৭চনৰ পিছত সবাতোকৈ দীঘলীয়া অতি শীতাৰ্ত ডিচেম্বৰ অ‍ব্যাহত আছে। ইয়াৰ আগতে ১৩.৪ডিগ্ৰী চেলছিয়াছলৈ পাৰাস্তম্ভ নিম্নগামী হোৱাৰ লগে লগে ভংগ হৈছিল ১৯৯৭চনৰ ৰেকৰ্ড।




বতৰ বিজ্ঞান কেন্দ্ৰই বৃহস্পতিবাৰে কৈছিল যে দিল্লী–এনচিআৰ অঞ্চলত ১৯০১চনৰ পিছত দ্বিতীয় সৰ্বনিম্ন শীতাৰ্ত দিন আহিব।

ডিচেম্বৰ মাহত ২০ডিগ্ৰী চেলছিয়াছৰ তলত তাপমাত্ৰা কেৱল ১৯১৯, ১৯২৯, ১৯৬১ আৰু ১৯৯৭চনত পৰিছিল।

অৰ্থাৎ এইবাৰ দিল্লীবাসীয়ে নতুন বছৰক অতি শীতৰ মাজেৰে আদৰিব!
আৰু চাওক
পৰৱৰ্তী বাতৰি