প্ৰধানমন্ত্ৰীৰ ৭০ সংখ্যক জন্মদিন, ৭০ হাজাৰ গছপুলি ৰোপণ, লগতে মাস্ক বিতৰণ, দেশজুৰি সেৱা সপ্তাহ পালন

News18 Assam | News18-Assam
Updated:September 17, 2020, 4:19 PM IST
প্ৰধানমন্ত্ৰীৰ ৭০ সংখ্যক জন্মদিন, ৭০ হাজাৰ গছপুলি ৰোপণ, লগতে মাস্ক বিতৰণ, দেশজুৰি সেৱা সপ্তাহ পালন
দলীয় কৰ্মীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন দেশজুৰি উদযাপন কৰিছে। ১৪ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈকে সেৱা সপ্তাহ হিচাপে পালন কৰা হৈছে।

দলীয় কৰ্মীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন দেশজুৰি উদযাপন কৰিছে। ১৪ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈকে সেৱা সপ্তাহ হিচাপে পালন কৰা হৈছে।

  • News18 Assam
  • Last Updated: September 17, 2020, 4:19 PM IST
  • Share this:
ime Pআজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। জন্মদিনৰ দিনা প্ৰতিবছৰৰ দৰে এইবাৰো নৰেন্দ্ৰ মোদীক বিভিন্নজনে শুভেচ্ছা জনাইছে। প্ৰথমে প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনাই চুবুৰীয়া দেশ নেপালৰ প্ৰধানমন্ত্ৰী কে পি ওলিয়ে। তেওঁ লিখে যে, ‘সম্পৰ্কৰ বুনিয়াদ শক্তিশালী কৰিবলৈ দুয়োখন দেশৰ মাজত কথাবাৰ্তা চলিব।’ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ দিনা ভাৰতীয় জনতা পাৰ্টীয়েও বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। ১৪ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈকে সেৱা সপ্তাহ হিচাপে পালন কৰা হৈছে।

ভাৰতীয় জনতা পাৰ্টীৰ উপ-সভাপতি তথা জম্মু-কাশ্মীৰৰ পৰ্যবেক্ষক অবিনাশ ৰায় খান্নাই কয় যে, ‘বিজেপিয়ে এটা ডাঙৰ সিদ্ধান্ত লৈছে। প্ৰধানমন্ত্ৰীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি সপ্তাহজোৰা প্ৰাৰ্থনা সভাৰ ব্যৱস্থা কৰা হৈছে। যাতে দেশৰ বাবে তেখেতে কৰ্মোদ্যম অটুট ৰাখিব পাৰে।’ জেপি নড্ডাই জনাইছে যে, সেৱা সপ্তাহ উদযাপনৰ বাবে ৭০ টা স্থান নিৰ্বাচিত কৰা হৈছে। এই সত্তৰটা স্থানতে ফল-মূল বিতৰণ কৰা হৈছে। ৭০ জন বিশেষ ভাবে সক্ষম লোকৰ মাজতো বিভিন্ন সামগ্ৰী বিতৰণ কৰা হ’ব।লগতে দেশৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰা হৈছে ৭০ হাজাৰ গছপুলি।

ইতিমধ্যে দলীয় কৰ্মীয়ে প্ৰতিটো পঞ্চায়ততে সেৱা সপ্তাহৰ কাৰ্যসূচী পালন কৰিছে। প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি আত্মনিৰ্ভৰতাৰ বিশেষ পুস্তিকা বিতৰণ কৰা হৈছে।
Published by: Himangshu Bhuyan
First published: September 17, 2020, 2:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading