Covid-19 মহামাৰীৰ প্ৰকোপ কিছু শাম কটাৰ মাজতে Indian Council for Medical Research চমুকৈ ICMRএ পোন প্ৰথমে প্ৰাথমিক বিদ্যালয় খোলাৰ পৰামৰ্শ প্ৰদান কৰিছে । ICMRৰ মূৰব্বী ডা৹ বলৰাম ভাৰ্গৱে উচ্চ মাধ্যমিক আৰু মাধ্যমিক বিদ্যালয় সমূহ খোলাৰ পূৰ্বে প্ৰাথমিক স্কুল সমূহ খোলতো উচিত হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ।
মংগলবাৰে এখন সংবাদ মেল সম্বোধন কৰি ICMR মূৰব্বীজনে কয় – শিশু সকলে সঁচৰাচৰ viral infection বেছি ভালকৈ প্ৰতিহত কৰিব পাৰে। সেয়েহে ভেকচিন প্ৰদান নকৰিলেও শিশু সকলক স্কুললৈ পঠিওৱাৰ পক্ষত স্থিতি স্পষ্ট কৰিছে ডা৹ ভাৰ্গৱে। অৱশ্যে খোলাৰ আগতে স্কুলৰ শিক্ষক, কৰ্মচাৰী সকলোকে ভেকচিন প্ৰদান কৰি লোৱাটো অনিবাৰ্য বুলিও মন্তব্য কৰে ভাৰ্গৱে। উল্লেখযোগ্য যে পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহা যেন অনুভৱ কৰি দেশৰ একাধিক ৰাজ্যই স্কুল, মহাবিদ্যালয়, বিশ্ববিদ্যালয় খোলাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ।
আনহাতে ICMRএ নিজাববীয়াকৈ কৰা Sero Surveyৰ ইতিমধ্যে ফলাফল ঘোষণা কৰিছে । এই surveyত শিশু আৰু কিশোৰ অন্তৰ্ভুক্ত হৈ আছিল । Surveyত ৬৭.৬শতাংশ লোকৰ শৰীৰত এন্টিবডী পোৱা গৈছে। শিশুৰ (৬বছৰৰ পৰা ৯বছৰ) মাজত ৫৭.২শতাংশৰ মাজত এন্টিবডী পোৱাৰ বিপৰীতে কিশোৰৰ (১০বছৰৰ পৰা ১৭বছৰ) ৬১.৬শতাংশৰ শৰীৰত এন্টিবডী পোৱা গৈছে। এই সমীক্ষা জুন-জুলাই মাহত কৰা হৈছিল আৰু ইয়াত ২৮৯২জন শিশু আৰু ৫৭৯৯জন কিশোৰ অন্তৰ্ভুক্ত হৈ আছিল । Sero Surveyত এন্টিবডী থকা ব্যক্তিৰ পৰিসংখ্যা উলিওৱা হয় । অৱশ্যে এতিয়াও ৪০কোটি লোক প্ৰতিৰোধহীন হৈ আছে বুলিও সমীক্ষাৰ ফলাফলত প্ৰকাশ পাইছে। সমীক্ষাত অংশগ্ৰহণ কৰছিল ২৮৯৭৫জন প্ৰাপ্ত বয়স্ক লোকে । দেশৰ ২১খন ৰাজ্যৰ ৭০খন জিলাত ICMRএ এই সমীক্ষা চলাইছিল ।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : July 21, 2021, 12:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।