உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • CDS Gen Bipin Rawat Death : পৰিয়ালৰ একমাত্ৰ পুত্ৰ আছিল বিপিন ৰাৱটৰ লগতে প্ৰাণ হেৰুওৱা পাইলট পৃথ্বি সিং, অসমতো কৰি গৈছিল দেশৰ সেৱা

    CDS Gen Bipin Rawat Death : পৰিয়ালৰ একমাত্ৰ পুত্ৰ আছিল বিপিন ৰাৱটৰ লগতে প্ৰাণ হেৰুওৱা পাইলট পৃথ্বি সিং, অসমতো কৰি গৈছিল দেশৰ সেৱা

    Wing Commander Prithvi Singh Chauhan

    Wing Commander Prithvi Singh Chauhan

    সেনাবাহিনীৰ প্ৰধান চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট (CDS Gen Bipin Rawat)ৰ লগতে কৰুণ মৃত্যুক সাবটি লৈছে বায়ু সেনাৰ উইং কমাণ্ডাৰ পৃথ্বি সিং চৌহানে (Wing Commander Prithvi Singh Chauhan)।

    • Share this:
    তামিলনাডুৰ শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনা (Army Helicopter Crash in Tamilnadu)ত দেশৰ তিনিওটা  সেনাবাহিনীৰ প্ৰধান চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট (CDS Gen Bipin Rawat)ৰ লগতে কৰুণ মৃত্যুক সাবটি লৈছে বায়ু সেনাৰ উইং কমাণ্ডাৰ পৃথ্বি সিং চৌহানে (Wing Commander Prithvi Singh Chauhan)। অভিশপ্ত MI-17 হেলিকপ্টাৰখনৰ চালক আছিল পাইলট পৃথ্বি সিং চৌহান।

    পৃথ্বি সিঙক ভাৰতীয় বায়ুসেনাৰ এজন অতি সাহসী যোদ্ধা হিচাপেই জনা যায়। ছুডানত বিশেষ প্ৰশিক্ষণ লৈ অহাৰ পিছত বায়ু সেনাৰ সুদক্ষ পাইলটসকলৰ ভিতৰত ধৰা হৈছিল প্ৰয়াত পৃথ্বি সিঙক। আগ্ৰা (Agra)ৰ বাসিন্দা পৃথ্বি সিঙৰ মৃত্যৰ লগে লগে দেশে এজন সাহসী আৰু বীৰ যোদ্ধাক হেৰুৱালে।

    উত্তৰ প্ৰদেশৰ আগ্ৰাৰ নিউ আগ্ৰা এলেকাৰ ছাৰণ নগৰৰ ঘৰত বুধবাৰে বহুত ভিৰ দেখা গৈছিল। চাৰিগৰাকী বায়েকৰ পিছতে পৰিয়ালৰ কনিষ্ঠ আৰু একমাত্ৰ পুত্ৰ সন্তান আছিল পৃথ্বি সিং। মুম্বাইত থকা ডাঙৰ বায়েকৰ পৰা এই শোক বাৰ্তা পাইছিল ৭২বছৰীয়া সুৰেন্দ্ৰ সিঙে।

    ৪২ বছৰীয়া পৃথ্বি সিঙৰ আছে দুটি সন্তান । মৃত্যুৰ সময়ত প্থ্বি সিঙে এৰি থৈ গৈছে ১২ বছৰীয়া কন্যা আৰাধ্যা আৰু ৯ বছৰীয়া পুত্ৰ সন্তাৰ অভিৰাজৰ লগতে পত্নী কামিনী (Prihvi Singh's Wife Kamini)ক। NDAৰ বাবে বাছনি লাভ কৰাৰ পিছত ২০০০ চনত ভাৰতীয় বায়ু সেনা (Indian Air Force)ত ভৰ্তি হোৱা পৃথ্বিয়ে ২০০৭ চনত কামিনীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। কোইম্বটোৰ বিমানঘাটীত উইং কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল পাইলট পৃথ্বি সিঙে। হায়দৰাবাদৰ পৰা কৰ্ম জীৱন আৰম্ভ কৰা পৃথ্বি সিঙে অসমতো কিছুদিন কাম কৰিছিল।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: