পাকিস্তানৰ F-16 বিমান ধ্বংস কৰা উইং কমাণ্ডাৰ অভিনন্দনলৈ বীৰ চক্ৰ

News18-Assam
Updated:August 14, 2019, 11:58 AM IST
পাকিস্তানৰ F-16 বিমান ধ্বংস কৰা উইং কমাণ্ডাৰ অভিনন্দনলৈ বীৰ চক্ৰ
বালাকোটত সন্ত্ৰাসবাদী সংগঠনৰ ঠিকনা তচনচ কৰা ভাৰতীয় বায়ুসেনাৰ স্কোৱাড্ৰন লীডাৰ মিণ্টী আগৰৱালক প্ৰদান কৰা হ’ব যুদ্ধ সেৱা মেডেল

বালাকোটত সন্ত্ৰাসবাদী সংগঠনৰ ঠিকনা তচনচ কৰা ভাৰতীয় বায়ুসেনাৰ স্কোৱাড্ৰন লীডাৰ মিণ্টী আগৰৱালক প্ৰদান কৰা হ’ব যুদ্ধ সেৱা মেডেল

  • Share this:
বালাকোট আক্ৰমণৰ পিছত ভাৰত সীমান্তত প্ৰৱেশৰ চেষ্টা চলোৱা পাকিস্তানৰ F-16 যুঁজাৰু বিমান MiG-21ৰে ধ্বংস কৰা ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানক সেনাৰ শীৰ্ষ সন্মান বীৰ চক্ৰৰে সন্মানিত কৰিব ভাৰত চৰকাৰে। স্বাধীনতা দিৱস উপলক্ষে অভিনন্দনক প্ৰদান কৰা হ’ব এই সন্মান। ইয়াৰ লগতে বালাকোটত সন্ত্ৰাসবাদী সংগঠনৰ ঠিকনা তচনচ কৰা ভাৰতীয় বায়ুসেনাৰ স্কোৱাড্ৰন লীডাৰ মিণ্টী আগৰৱালক প্ৰদান কৰা হ’ব যুদ্ধ সেৱা মেডেল।

১৪ ফেব্ৰুৱাৰীত জম্মু–কাশ্মীৰৰ পুলৱামাত চিআৰপিএফৰ কনভয়ত সন্ত্ৰাসবাদীয়ে চলাইছিল আক্ৰমণ। এই সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছিল ৪০গৰাকী বীৰ জোৱান। এই আক্ৰমণৰ ১৩ দিন পিছত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বালাকোটত প্ৰৱেশ কৰি আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীৰ ঘাটিত।


বালাকোট আক্ৰমণৰ পিছতে পাকিস্তানৰ F-16 যুঁজাৰু বিমান ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল। কিন্তু ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানে MiG-21ৰে পাকিস্তানৰ F-16 যুঁজাৰু বিমান নিয়ন্ত্ৰণ ৰেখাৰ সমীপতে ধ্বংস কৰিছিল।



উল্লেখযোগ্য যে পাকিস্তানৰ F-16 যুঁজাৰু বিমান ধ্বংস কৰাৰ কিছু সময় পিছতে ক্ষতিগ্ৰস্ত হৈছিল ভাৰতীয় বায়ুসেনাৰ MiG–21 বিমানখন। যাৰ ফলত বিমানৰ পৰা ‘ইজেক্ট’ হৈ ভুলবশত পাকিস্তানৰ সীমাত নামিছিল অভিনন্দন। তাৰ পিছতে পাকিস্তানী সেনাৰ হাতত বন্দী হৈছিল উইং কমাণ্ডাৰগৰাকী। পিছত ভাৰতৰ কূটনৈতিক হেঁচাত অভিনন্দনক ভাৰতৰ হাতত স–সন্মানে গতাই দিছিল পাকিস্তানে।
আৰু চাওক
পৰৱৰ্তী বাতৰি