সাৱধান পাকিস্তান! আকৌ আহি আছে অভিনন্দন

দীৰ্ঘদিনীয়া বিশ্ৰামৰ অন্তত পুনৰ যুঁজাৰু বিমান উৰুৱাবলৈ সাজু হৈছে অভিনন্দন বৰ্তমান।

News18-Assam
Updated:August 9, 2019, 9:54 AM IST
সাৱধান পাকিস্তান! আকৌ আহি আছে অভিনন্দন
দীৰ্ঘদিনীয়া বিশ্ৰামৰ অন্তত পুনৰ যুঁজাৰু বিমান উৰুৱাবলৈ সাজু হৈছে অভিনন্দন বৰ্তমান।
News18-Assam
Updated: August 9, 2019, 9:54 AM IST
আকৌ উভতি আহিছে বায়ুসেনাৰ হিৰ’ অভিনন্দন। দীৰ্ঘদিনীয়া বিশ্ৰামৰ অন্তত পুনৰ যুঁজাৰু বিমান উৰুৱাবলৈ সাজু হৈছে অভিনন্দন বৰ্তমান। মেডিকেল টেষ্টত উত্তীৰ্ণ হৈছে শত্ৰুপক্ষৰ বাবে আতংক সদৃশ অভিনন্দন। শীঘ্ৰে পুনৰ যুঁজাৰু বিমানৰ আসনত বহিব পাৰিব বায়ুসেনাৰ এইগৰাকী বীৰ উইং কমাণ্ডাৰ।

বেংগালুৰুৰ ইনষ্টিটিউট অৱ এয়াৰ’স্পেচে ঘোষণা কৰিছে যে বিমান চালনাৰ বাবে এতিয়া অভিনন্দন সম্পূৰ্ণৰূপে সুস্থ। বায়ুসেনাৰ সূত্ৰই জনোৱা অনুসৰি, কিছু আনুষ্ঠানিকতাৰ পিছতে পুনৰ নিজৰ কৰ্তব্যত যোগদান কৰিব পাৰিব। অৱশ্যে আনুষ্ঠানিতকতা সম্পন্ন হোৱাৰ পিছত অভিনন্দনে ল’ব লাগিব প্ৰশিক্ষণ, কাৰণ দীৰ্ঘদিন ধৰি বিমান চালনাৰ পৰা বিৰত আছে উইং কমাণ্ডাৰগৰাকী। এই প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত ভাৰতীয় বায়ুসেনাৰ এইগৰাকী হিৰ’ৱে পুনৰ এবাৰ শত্ৰুপক্ষক এশিকনী দিবলৈ উৰাব পাৰিব যুঁজাৰু বিমান।

উইং কমাণ্ডাৰ অভিনন্দন পূৰ্বে শ্ৰীনগৰ এয়াৰবেছত নিয়োজিত হৈ আছিল। কিন্তু নিৰাপত্তাজনিত কাৰণত তেওঁক এতিয়া ৰাজস্থানৰ ফ্ৰণ্টলাইন এয়াৰবেছত নিয়োগ কৰা হৈছে।

উল্লেখযোগ্য যে ১৪ ফেব্ৰুৱাৰীত জম্মু–কাশ্মীৰৰ পুলৱামাত চি আৰ পি এফৰ কনভয়ত জইছ–ই–মহম্মদে চলাইছিল আক্ৰমণ। এই সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছিল ৪০ গৰাকী চি আৰ পি এফ জোৱান। এই আক্ৰমণৰ ১৩ দিন পিছত পাকিস্তানৰ বালাকোটৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাইছিল ভাৰতীয় বায়ুসেনাই। এই এয়াৰ ষ্ট্ৰাইকত দুশতকৈও অধিক সন্ত্ৰাসবাদী নিহত হোৱা বুলি দাবী কৰা হৈছিল।

তাৰ পিছতে পাকিস্তানৰ যুঁজাৰু বিমান ভাৰতৰ সীমাত প্ৰৱেশৰ চেষ্টা চলাইছিল। কিন্তু ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্তমানে MiG-21ৰে পাকিস্তানৰ F-16 যুঁজাৰু বিমান নিয়ন্ত্ৰণ ৰেখাৰ সমীপতে ধ্বংস কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি