মুখ্যপৃষ্ঠা »খবৰ »দেশ »Nagaland Election : নগা সমস্যা সমাধান নে নাগালেণ্ডত নিৰ্বাচন! NSCN-IMৰ সৈতে নিৰ্বাচনৰ পূৰ্বে হ'বনে ভাৰত চৰকাৰৰ চূড়ান্ত চুক্তি?

Nagaland Election : নগা সমস্যা সমাধান নে নাগালেণ্ডত নিৰ্বাচন! NSCN-IMৰ সৈতে নিৰ্বাচনৰ পূৰ্বে হ'বনে ভাৰত চৰকাৰৰ চূড়ান্ত চুক্তি?

২৭ ফ্ৰেব্ৰুৱাৰীত নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন

২৭ ফ্ৰেব্ৰুৱাৰীত নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন

২৭ ফ্ৰেব্ৰুৱাৰীত নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন

  • Share this:

প্ৰথমে সমস্যা সমাধান নে নিৰ্বাচন? এই প্ৰশ্ন ২০১৮ৰ নিৰ্বাচনৰ পূৰ্বে চলাৰ দৰে এইবাৰো চলিছে নাগালেণ্ডত৷ ইয়াৰ মাজতে ভাৰতীয় নিৰ্বাচন আয়োগে বুধবাৰে ঘোষণা কৰিলে নাগালেণ্ডসহ মেঘালয় আৰু ত্ৰিপুৰাৰ নিৰ্বাচনৰ দিন (Assembly election 2023) ৷ এই হিচাপত নাগালেণ্ডৰ ক্ষেত্ৰত গেজেট নটিফিকেচন হ'ব ৩১ জানুৱাৰীত ৷


মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে বুধবাৰে ঘোষণা কৰা মতে, নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ শেষ দিন ৭ ফেব্ৰুৱাৰী৷ মনোনয়নপত্ৰ পৰীক্ষণৰ দিন ৮ ফেব্ৰুৱাৰীত ৷ মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ১০ ফ্ৰেব্ৰুৱাৰীত ৷ ইয়াৰ পিছত বহু চৰ্চিত নাগালেণ্ড বিধানসভাৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ২৭ ফেব্ৰুৱাৰীত ৷ ভোটগ্ৰহণ হ'ব মেঘালয়, ত্ৰিপুৰাৰ লগতে ২ মাৰ্চত ৷


নাগালেণ্ড বিধানসভাৰ আসনৰ মুঠ সংখ্যা হ'ল ৬০ ৷ ২০১৮ চনৰ বিধানসভাৰ নিৰ্বাচনো অনুষ্ঠিত হৈছিল ২৭ ফেব্ৰুৱাৰীতেই ৷ বৰ্তমান বিৰোধী শূন্য নাগালেণ্ডত UDA চৰকাৰ চলি আছে মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ৰ নেতৃত্বত ৷ ইয়াৰে NDPPৰ দখলত আছে ৪২ আসন, BJPৰ দখলত আছে ১২ আসন, NPFৰ দখলত আছে ৪খন আসন আৰুঅন্যানৰ দখলত আছে ২খন আসন ৷


এতিয়া কথা হ'ল ১৯৯৭ চনৰে পৰা আলোচনাৰ মেজত থকা নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন NSCN-IMৰ সৈতে নিৰ্বাচনৰ পূৰ্বে হ'বনে ভাৰত চৰকাৰৰ চূড়ান্ত চুক্তি? সাতটা বিদ্ৰোহী সংগঠনৰ উমৈহতীয়া ঐক্যমঞ্চ NNPGsয়ে ২০১৭ চনতে ভাৰত চৰকাৰৰ সৈতে কৰি থোৱা এগ্ৰীড পজিছনক লৈ চুক্তি কৰিবলৈ সাজু আছে ৷ কিন্তু ২০১৫ৰ ৩ আগষ্ট ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট কৰিও আজি পৰ্যন্ত চূড়ান্ত চুক্তি কৰিব পৰা নাই NSCN-IMয়ে ৷ ওলমি ৰৈছে পৃথক পতাকা আৰু সংবিধানৰ বিষয়টোৱে ৷ পৃথক পতাকা আৰু সংবিধান অবিহনে NSCN-IM-এ নকৰে চুক্তি।


ইপিনে নাগালেণ্ড বিধানসভাৰ ৬০গৰাকী বিধায়কেই নগা সমস্যাৰ আশু সমাধানৰ দাবীত একত্ৰিত হৈ আছে ৷ বিৰোধী বুলিবলৈ নাই কোনো ৷ এসময়ত বিৰোধীৰ আসনত বহা NPFও নগা সমস্যাৰ সমাধানৰ দাবীত নেফিঅ' ৰিঅ'ৰ UDA চৰকাৰৰ সৈতে মিলি আছে ৷
NPFয়ে স্পষ্ট কৰি থৈছে— নগা সমস্যা প্ৰথম ৷ পিছত বাকীবোৰ বিষয় ৷ কিন্তু নগা সমস্যা আশু মীমাংসাৰ দাবী তুলিও মুখ্যমন্ত্ৰী ৰিঅ'ই নাগালেণ্ডত সাংবিধানিক সমস্যা হ'বলৈ তেওঁৰ চৰকাৰে নিদিয়ে বুলি ঘোষণা কৰিছে ৷

শেহতীয়া বাতৰি