১৫ অক্টোবৰ পৰ্যন্ত দেশত বন্ধ থাকিব নেকি ৰেষ্টুৰেণ্ট আৰু হোটেল?

News18 Assam | News18-Assam
Updated:April 9, 2020, 3:44 PM IST
১৫ অক্টোবৰ পৰ্যন্ত দেশত বন্ধ থাকিব নেকি ৰেষ্টুৰেণ্ট আৰু হোটেল?
টুইটাৰ যোগে এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে প্ৰসাৰ ভাৰতীয়ে

টুইটাৰ যোগে এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে প্ৰসাৰ ভাৰতীয়ে

  • Share this:
দেশত বাঢ়িয়েই আছে কোৰোণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। এই পৰ্যন্ত সমগ্ৰ দেশত ৫৭৩৪ জনৰ দেহত পোৱা গৈছে কোৰোণাৰ অৱস্থিতি। ল’ক ডাউন চলি থকাৰ মাজতো এনদৰে কোৰোণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাটো সঁচাকৈয়ে উদ্বেগজনক। ইফালে অহা ১৪ এপ্ৰিলত অন্ত পৰিব ল’ক ডাউনৰ সীমা। কিন্তু কোৰোণা ভাইৰাছৰ ভয়াৱহতালৈ চাই ল’ক ডাউন বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে উৰিষ্যাৰ চৰকাৰে অহা ৩০ এপ্ৰিললৈকে ল’ক ডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই সময়তে পৰ্যটন মন্ত্ৰণালয়ে ১৫ অক্টোবৰ পৰ্যন্ত দেশৰ ৰেষ্টুৰেণ্ট আৰু হোটেল ১৫ অক্টোবৰ পৰ্যন্ত বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি এটা বাতৰি ছচিয়েল মিডিয়াত বিয়পি পৰিছে। এতিয়া টুইটাৰ যোগে এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে প্ৰসাৰ ভাৰতীয়ে। প্ৰসাৰ ভাৰতীৰ তৰফৰ পৰা এই খবৰ সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন বুলি জনাইছে।


আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading