ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (BCCI)ৰ সভাপতি সৌৰভ গাংগুলী আৰু সম্পাদক জয় শ্বাহৰ কাৰ্যকাল বৃদ্ধি কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰসুৰৰ বিচাৰপীঠত আৰম্ভ হৈছে। দৰাচলতে, BCCIয়ে ইয়াৰ নতুন সংবিধান সংশোধনৰ অনুমতি দিয়াৰ দাবীত এখন আবেদন দাখিল কৰে।
BCCIৰ প্ৰশাসকসকলৰ বাবে নিৰ্ধাৰিত তিনি বছৰৰ কুলিং-অফ ম্যাদৰ ব্যৱস্থা বাতিল কৰাৰ বাবে এই আবেদন দাখিল কৰা হৈছিল বুলি জানিব পৰা গৈছে। যদি কোনোবাই মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েশ্যনত দুটা কাৰ্যকাল সম্পূৰ্ণ কৰিছে, তেন্তে তেওঁ বিচিচিআইৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিব নোৱাৰে নেকি বুলি ন্যায়াধীশ চন্দ্ৰচূড়ে প্ৰশ্ন কৰে।
উল্লেখ্য যে, সৌৰভ গাংগুলী ২০১৯ চনৰ পৰা BCCIৰ সভাপতি পদত আছিল। তেওঁৰ কাৰ্যকাল এই বছৰত শেষ হ'ব কিয়নো ২০২০ চনত কৰোনা মহামাৰীৰ বাবে BCCIৰ সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হোৱা নাছিল আৰু সেই বাবেই সৌৰভ গাংগুলীৰ কাৰ্যকাল এবছৰৰ বাবে বৃদ্ধি কৰা হৈছিল।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|