প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ’বনে প্ৰিয়ংকা গান্ধী! দুই–এদিনৰ ভিতৰত সিদ্ধান্ত

লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ প্ৰতিদ্বন্দ্বিতাক লৈ শীঘ্ৰে অন্ত পৰিব জল্পনা–কল্পনাৰ। সূত্ৰ অনুসৰি কংগ্ৰেছে এদিন বা দুদিনৰ ভিতৰত প্ৰিয়ংকাৰ প্ৰতিদ্বন্দ্বিতাক লৈ সিদ্ধান্ত ল’ব পাৰে।

news18assam
Updated:April 22, 2019, 6:51 PM IST
প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ’বনে প্ৰিয়ংকা গান্ধী! দুই–এদিনৰ ভিতৰত সিদ্ধান্ত
লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ প্ৰতিদ্বন্দ্বিতাক লৈ শীঘ্ৰে অন্ত পৰিব জল্পনা–কল্পনাৰ। সূত্ৰ অনুসৰি কংগ্ৰেছে এদিন বা দুদিনৰ ভিতৰত প্ৰিয়ংকাৰ প্ৰতিদ্বন্দ্বিতাক লৈ সিদ্ধান্ত ল’ব পাৰে।
news18assam
Updated: April 22, 2019, 6:51 PM IST
লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ প্ৰতিদ্বন্দ্বিতাক লৈ শীঘ্ৰে অন্ত পৰিব জল্পনা–কল্পনাৰ। সূত্ৰ অনুসৰি কংগ্ৰেছে এদিন বা দুদিনৰ ভিতৰত প্ৰিয়ংকাৰ প্ৰতিদ্বন্দ্বিতাক লৈ সিদ্ধান্ত ল’ব পাৰে। অনুমান কৰা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বাৰাণসীত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব পাৰে প্ৰিয়ংকা গান্ধী।

শেহতীয়াভাৱে প্ৰিয়ংকা গান্ধীয়ে এই সন্দৰ্ভত মন্তব্য কৰিছিল যে যদি কংগ্ৰেছ সভাপতি তথা তেওঁৰ ভাতৃ ৰাহুল গান্ধীয়ে কয় তেন্তে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সাজু আছে।

ৱাইনাডত ৰাহুল গান্ধীৰ হৈ প্ৰচাৰ অভিযানৰ সময়ত প্ৰিয়ংকা গান্ধীয়ে কৈছিল, ‘যদি ৰাহুল গান্ধীয়ে কয় তেন্তে মই নিৰ্বাচন খেলিবলৈ প্ৰস্তুত আৰু মই বাৰাণসীৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিম।’ উল্লেখযোগ্য যে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে আমেঠিৰ উপৰি কেৰালাৰ ৱাইনাড সমষ্টিৰ পৰাও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

কোনো সন্দেহ নাই যে যদি কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হয় তেন্তে ভাৰতৰ নিৰ্বাচনী ইতিহাসত এয়া হ’ব সৰ্ববৃহৎ নিৰ্বাচনী যুঁজ। এফালে দেশৰ প্ৰধানমন্ত্ৰী আৰু আনফালে গান্ধী পৰিয়ালৰ সদস্য।
আৰু চাওক পৰৱৰ্তী বাতৰি