মুখ্যপৃষ্ঠা »খবৰ »দেশ »২০২৪ত মোদীৰ বিৰুদ্ধে যুঁজিবলৈ মমতা বেনাৰ্জী হ'ব নেকি বিৰোধীৰ একমাত্ৰ আশা!

২০২৪ত মোদীৰ বিৰুদ্ধে যুঁজিবলৈ মমতা বেনাৰ্জী হ'ব নেকি বিৰোধীৰ একমাত্ৰ আশা!

পশ্চিমবংগৰ নিৰ্বাচনী যুদ্ধখন মোদী আৰু মমতাৰ মাজতে সীমাবদ্ধ থাকিল। আৰু ছবি স্পষ্ট যে, মমতা বেনাৰ্জীয়ে পুনৰ জয়লাভ কৰিলে পশ্চিমবংগ।

পশ্চিমবংগৰ নিৰ্বাচনী যুদ্ধখন মোদী আৰু মমতাৰ মাজতে সীমাবদ্ধ থাকিল। আৰু ছবি স্পষ্ট যে, মমতা বেনাৰ্জীয়ে পুনৰ জয়লাভ কৰিলে পশ্চিমবংগ।

পশ্চিমবংগৰ নিৰ্বাচনী যুদ্ধখন মোদী আৰু মমতাৰ মাজতে সীমাবদ্ধ থাকিল। আৰু ছবি স্পষ্ট যে, মমতা বেনাৰ্জীয়ে পুনৰ জয়লাভ কৰিলে পশ্চিমবংগ।

  • Share this:
পশ্চিমবংগত আকৌ জয়লাভ কৰিলে তৃণমূল কংগ্ৰেছে। বিজেপিৰ চমকপ্ৰদ প্ৰচাৰ অভিযানৰ পিছতো গতি ৰুদ্ধ কৰিব নোৱাৰিলে তৃণমূল কংগ্ৰেছৰ। এনে অৱস্থাত এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ৰাজনৈতিক যুঁজ দিবলৈ বিৰোধীৰ একমাত্ৰ অস্ত্ৰ মমতা বেনাৰ্জীয়েই হ'বগৈ বুলি বহুতে ভাবিছে। বৰ্তমান সময়ত কংগ্ৰেছৰ অৱস্থা পানীত হাঁহ নচৰা। গতিকে সৰ্বভাৰতীয় পৰ্যায়ত মোদীৰ বিৰুদ্ধে বিজেপিৰ একমাত্ৰ অস্ত্ৰ হৈ পৰিবগৈ নেকি মমতা বেনাৰ্জী?

দেশ পাঁচখন ৰাজ্যত ঘোষণা হ'ল নিৰ্বাচনী ফলাফল। অসম, তামিলনাডু, কেৰালা আৰু পডুৰেচীত প্ৰায় ভবাৰ ধৰণেই ফলাফল ওলাইছে। কিন্তু পশ্চিমবংগ নিৰ্বাচনকলৈ ব্যাপক উৎসুকতা আছিল সকলোৰে মাজত। আৰু ২০০তকৈ অধিক আসনত জয়লাভ কৰি মমতা বেনাৰ্জীয়ে পুনৰ জয় কৰিলে পশ্চিমবংগ।

নিৰ্বাচনৰ সময়ত মমতা বেনাৰ্জীয়ে দিখুৱালে আচৰিত শক্তি। আঘাতপ্ৰাপ্ত ভৰিৰেই প্ৰচাৰ চলাই নিয়া মমতাই ভোটাৰৰ সহানুভুতি লাভ কৰিবলৈ সক্ষম হৈছিল বুলিও ক'ব বিচাৰে। জয়লাভ কৰাৰ পিছত মমতাই এতিয়া ভৰিৰ প্লাষ্টাৰ খোলাৰ লগতে হুইল চেয়াৰৰ পৰাও নামিলে।

পশ্চিমবংগৰ নিৰ্বাচনী যুদ্ধখন মোদী আৰু মমতাৰ মাজতে সীমাবদ্ধ থাকিল। আৰু ছবি স্পষ্ট যে, মমতা বেনাৰ্জীয়ে পুনৰ জয়লাভ কৰিলে পশ্চিমবংগ।

'খেলা হবে' শ্লোগান মমতাৰ জয়ৰ অন্যতম কাৰণ বুলি ক'ব পৰা যায়। প্ৰতিটো নিৰ্বাচনৰ দৰে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনতো বিজেপিয়ে প্ৰচাৰত নমাইছিল দলটোৰ সকলো শীৰ্ষ পৰ্যায়ৰ নেতাক। ভাগ লৈছিল ইখনৰ পিছত সিখন চকুত লগা নিৰ্বাচনী সভাত। কিন্তু কাৰ্যত এই সকলোবোৰেই যেন মিছা প্ৰমাণিত হ'ল। পশ্চিমবংগ জয় কৰাটো যে, ইমান সহজ নহয়, সেই কথা বিজেপিৰ নেতাসকলেও ভালদৰেই জানিছিল। ইয়াৰ কাৰণো আছিল কেইবাটাও। ৰাজ্যখনত এতিয়াও বিজেপিৰ এটা মজবুট পৰিকাঠামো নাই। লগতে তৃণমূল পৰ্যায়ত এতিয়াও শিপাব পৰা নাই দলটো। ঠিক সেইদৰে, মুছলমান ভোটাৰে ৰাজ্যখনৰ প্ৰায় ১০০টা সমষ্টিত মুখ্য ভুমিকা পালন কৰে। আৰু তেওঁলোকে বিজেপিক পৰাস্ত কৰিবলৈ অন্য পাৰ্টীৰ সৈতে যাবলৈ সদায় প্ৰস্তুত।

ক্ষমতাত থকাৰ পিছতো মমতা বেনাৰ্জীয়ে নিৰ্বাচনী প্ৰচাৰত বিভিন্ন চকুত লগা আঁচনি গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল। যদিও এটা বৃহৎ সংখ্যাৰ লোকে ৰাজ্যখনত বিজেপিৰ শাসনলৈ অহাটো বিচাৰিছিল কিন্তু সাধাৰণ দৰিদ্ৰ আৰকু দলিত সকলে নিজৰ জীৱন ধাৰণৰ মান উন্নতিৰ বাবে মমতা বেনাৰ্জীৰ ওপৰতে বিশ্বাস কৰিছিল। গতিকে তেওঁলোকে বিজেপিৰ পক্ষে অৱস্থান নকৰিলে।

পশ্চিমবংগত মমতা বেনাৰ্জীৰ এই জয়ৰ পিছত এতিয়া ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে বিৰোধীৰ একমাত্ৰ অস্ত্ৰ মমতা বেনাৰ্জীয়েই হ'বগৈ বুলি ধাৰণা কৰা হৈছে। কাৰণ বৰ্তমান সময় কংগ্ৰেছৰ বাবে অতিকৈ জটিল।

শেহতীয়া বাতৰি