দেশত প্ৰতিদিনাই বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। কোৰোণাৰ দ্বিতীয় ঢৌত এতিয়া আতংকিত দেশবাসী। দৈনিক সংক্ৰমণে ২ লাখ ৭০ হাজাৰৰ কাষ চাপিছে। কোৰোণাৰ দ্বিতীয় ঢৌ পূৰ্বতকৈ শক্তিশালী। দ্ৰুতগতিত হয় সংক্ৰমণ। কোৰোণাই এতিয়া প্ৰতিদিনাই গঢ়িছে নতুন নতুন ৰেকৰ্ড। হাস্পতালত বিচনা নাই, অক্সিজেনৰ অভাৱ, ভেণ্টিলেটৰৰ অভাৱ। বিনা চিকিৎসাত মৃত্যুক সাৱটিছে ৰোগীয়ে। চাৰিওফালে বিভীষিকাময় পৰিস্থিতি।
ইমানৰ পিছতো সচেতন নহয় একাংশ লোক। মানি চলা নাই কোনো ধৰণৰ স্বাস্থ্য বিধি। পৰিধান কৰা নাই মাস্ক। মানি চলা নাই সামাজিক দূৰত্ব। কেন্দ্ৰৰ গাইডলাইন অনুসৰি, ঘৰৰ বাহিৰলৈ ওলালে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। আনকি গাড়ীৰ ভিতৰত থাকিলেও। দিল্লী বৰ্তমান দেশৰ ভিতৰতে কোৰোণাৰ অন্যতম প্ৰধান কেন্দ্ৰ। ফলত সপ্তাহজোৰা ল'কডাউন ঘোষণা কৰা হৈছে।
এহাল দম্পত্তিয়ে নিয়ম অমান্য কৰি গাড়ীৰে গৈ আছিল দিল্লীৰ ৰাজপথত। দেওবাৰে বিয়লি ৪ বজাত দিল্লীৰ দৰিয়াগঞ্জ এলেকাত ট্ৰেফিক পুলিচে তেওঁলোকৰ গাড়ী ৰখোৱাত অভব্য আচৰণ কৰে স্বামী-স্ত্ৰীয়ে। সমগ্ৰ ঘটনাটো মোবাইল ভিডিওৰ আকাৰে ছচিয়েল মিডিয়াত পোষ্ট কৰা হয়। আৰু লগে লগে হৈ পৰে ভাইৰেল।
সেই ভিডিওটোত দেখা গৈছে যে, মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে মাস্ক পৰিধান কৰা নাই। হাতত নাই কাৰ্ফিউ পাছ। আৰক্ষীয়ে গাড়ী ৰখাবলৈ নিৰ্দেশ দিয়াৰ লগে লগে মহিলাগৰাকীয়ে কয় যে, 'মই মোৰ স্বামীক চুমা খামেই। আমাক ৰখাব পাৰিব?' মহিলাগৰাকীৰ স্বামীৰো একেই মন্তব্য- 'মই মোৰ গাড়ীত পত্নীৰ সৈতে আছিলো। গাড়ী ৰখাবলৈ আপুনি কোন?'
লাহে লাহে দম্পত্তিটোৱে আৰক্ষীৰ সৈতে তৰ্কা-তৰ্কি কৰিবলৈ আৰম্ভ কৰে। আৰু শেষত আৰক্ষীয়ে গোচৰ ৰুজু কৰি দুয়োকে গ্ৰেপ্তাৰ কৰে।
Published by: Himangshu Bhuyan
First published: April 19, 2021, 10:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|