'স্বামীক চুমা খামেই'- মাস্ক পিন্ধিবলৈ কোৱা দিল্লী আৰক্ষীৰ সৈতে তৰ্কা-তৰ্কি মহিলাৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ
পংকজ দত্ত নামৰ লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। লগতে মহিলাগৰাকীকো আটক কৰি থানালৈ লৈ য়োৱা হয়। কেৱল দেওবাৰেই ৰাজধানী দিল্লীত ২৫ হাজাৰ কোৰোণা পজিটিভ কেচ ৰুজু হৈছে।
পংকজ দত্ত নামৰ লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। লগতে মহিলাগৰাকীকো আটক কৰি থানালৈ লৈ য়োৱা হয়। কেৱল দেওবাৰেই ৰাজধানী দিল্লীত ২৫ হাজাৰ কোৰোণা পজিটিভ কেচ ৰুজু হৈছে।
- News18 Assam
- Last Updated: April 19, 2021, 10:02 AM IST
ইমানৰ পিছতো সচেতন নহয় একাংশ লোক। মানি চলা নাই কোনো ধৰণৰ স্বাস্থ্য বিধি। পৰিধান কৰা নাই মাস্ক। মানি চলা নাই সামাজিক দূৰত্ব। কেন্দ্ৰৰ গাইডলাইন অনুসৰি, ঘৰৰ বাহিৰলৈ ওলালে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। আনকি গাড়ীৰ ভিতৰত থাকিলেও। দিল্লী বৰ্তমান দেশৰ ভিতৰতে কোৰোণাৰ অন্যতম প্ৰধান কেন্দ্ৰ। ফলত সপ্তাহজোৰা ল'কডাউন ঘোষণা কৰা হৈছে।
कोरोना के इस दौर में ऐसे जाहिल लोग भी याद किये जाएंगे ,कार में बैठा एक कपल बिना कर्फ्यू पास के दरियागंज इलाके में घूम रहा था वो भी बिना मास्क के,पुलिस ने जब रोका तो बोला अपने दोस्त को किस करूंगी,पुलिस ने केस दर्ज कर दोनों को गिरफ्तार किया pic.twitter.com/Z9iCnmp4Hu
— Mukesh singh sengar मुकेश सिंह सेंगर (@mukeshmukeshs) April 18, 2021
এহাল দম্পত্তিয়ে নিয়ম অমান্য কৰি গাড়ীৰে গৈ আছিল দিল্লীৰ ৰাজপথত। দেওবাৰে বিয়লি ৪ বজাত দিল্লীৰ দৰিয়াগঞ্জ এলেকাত ট্ৰেফিক পুলিচে তেওঁলোকৰ গাড়ী ৰখোৱাত অভব্য আচৰণ কৰে স্বামী-স্ত্ৰীয়ে। সমগ্ৰ ঘটনাটো মোবাইল ভিডিওৰ আকাৰে ছচিয়েল মিডিয়াত পোষ্ট কৰা হয়। আৰু লগে লগে হৈ পৰে ভাইৰেল।
লাহে লাহে দম্পত্তিটোৱে আৰক্ষীৰ সৈতে তৰ্কা-তৰ্কি কৰিবলৈ আৰম্ভ কৰে। আৰু শেষত আৰক্ষীয়ে গোচৰ ৰুজু কৰি দুয়োকে গ্ৰেপ্তাৰ কৰে।












