চন্দ্ৰপৃষ্ঠত ‘ছফট লেণ্ডিং’ কৰাৰ সলনি ‘হাৰ্ড লেণ্ডিং’ কৰাৰ বাবে লেণ্ডাৰ ‘বিক্ৰম’ৰ এডাল এণ্টেনা চেপা খাই পৰিছে। এই এণ্টেনাৰ জৰিয়তে কমিউনিকেশ্যন ছিষ্টেমক কামাণ্ড পঠিওৱা হয়। বৰ্তমান ইছৰ’ই এই প্ৰয়াস কৰি আছে যে যিকোনো প্ৰকাৰে এণ্টেনাডালৰ সহায়ত বিক্ৰমক কামাণ্ড দি পুণৰ সক্ৰিয় কৰিব পৰা যায়।
ইছৰ’ৰ ওচৰত বিক্ৰমক আকৌ সক্ৰিয় কৰিবলৈ মাত্ৰ ১১দিন বাকী আছে। এনেকুৱাত লেণ্ডাৰ বিক্ৰমৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ আমেৰিকাৰ মহাকাশ বিজ্ঞান এজেন্সী NASAৰ সহায় লোৱাৰো বিবেচনা কৰা হৈছে। কাৰণ আমেৰিকাৰ নাছাৰ এটা মিশ্যন ‘লুনাৰ ৰিক’নিছেন্স’ অৰ্বিটৰ ((Lunar Reconnaissance Orbiter) অৰ্থাৎ LRO চন্দ্ৰযান–২ৰ তুলনাত চন্দ্ৰৰ বেছি ওচৰত প্ৰদক্ষিণ কৰি আছে। ইয়াৰ পৰা উন্নত ডাটা গ্ৰহণ কৰিব পৰা যায়।
নাছাৰ LROৰ সহায়ত চন্দ্ৰৰ ৩ডি ফটো তোলা হৈছে। এই ফটোসমূহত চন্দ্ৰত হোৱা পৰিৱৰ্তন সমূহ ভালদৰে চাব পৰা গৈছে। যদিহে ইছৰ’ই নাছাৰ এই অৰ্বিটৰৰ ডাটা ব্যৱহাৰ কৰে তেনেহ’লে বিক্ৰমৰ বৰ্তমানৰ অৱস্থান সঠিকৰূপত গম পোৱা যাব। ইয়াৰ আগতে ইছৰ’ই LROৰ ডাটাৰ আংশিক ব্যৱহাৰ লেণ্ডিং স্পটত কৰিছে। ইছৰ’ই বৰ্তমান অৰ্বিটৰৰ পৰা উন্নত ডাটা পাবলৈ ৰৈ আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|