உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Hardik Patel: চাল-চলন সলনি হৈছে হাৰ্দিক পেটেলৰ, চৰ্চাত আছে বিজেপি গমনৰ বাতৰি

    Hardik Patel: চাল-চলন সলনি হৈছে হাৰ্দিক পেটেলৰ, চৰ্চাত আছে বিজেপি গমনৰ বাতৰি

    Hardik Patel: হাৰ্দিক পেটেলে কৈছে যে তেওঁ ৰাহুল বা প্ৰিয়ংকা গান্ধীৰ ওপৰত নহয়, গুজৰাট কংগ্ৰেছৰ সভাপতিৰ ওপৰতহে অসন্তুষ্ট। হাৰ্দিকে কয় যে তেওঁ কেইবাবাৰো তেওঁৰ কথা গুজৰাট কংগ্ৰেছৰ অধ্যক্ষক অৱগত কৰিছে যদিও ইয়াৰ কোনো ফল পোৱা নাই।

    • Share this:
    গুজৰাটৰ পটিদাৰ আন্দোলনৰ নেতা তথা কংগ্ৰেছ নেতা হাৰ্দিক পেটেল (Hardik Patel) এতিয়া বাতৰিৰ শিৰোনামত আছে। চৰ্চিত খবৰ মতে অতি সোনকালে হাৰ্দিকে কংগ্ৰেছ 9Congress)ৰ হাত এৰিব আৰু বিজেপি (BJP)ৰ ফুলনিত ফুলিব।

    হাৰ্দিকৰ বিজেপি গমনৰ বাতৰিৰ পিছতে গুজৰাটৰ ৰাজনীতিত নতুন গতি আহিছে। এই খবৰে কংগ্ৰেছৰ অন্দৰমহলক জোকাৰি গৈছে। আনকি হাইকমাণ্ডো উদ্বিগ্ন এই বাতৰিক লৈ। ২০১৭ চনৰ নিৰ্বাচনত হাৰ্দিক পেটেলৰ বাবেই বিজেপিক মাত্ৰ ৯৯খন আসনত সীমিত ৰাখিবলৈ সক্ষম হৈছিল কংগ্ৰেছ। কিন্তু তাৰ পিছতো কিয় কংগ্ৰেছৰ প্ৰতি বিতুষ্ট হৈছে হাৰ্দিক।

    আজটকৰ এক বাতৰি মতে ৰাহুল-প্ৰিয়ংকা (Rahul-Priyanka)ৰে ঘনিষ্ঠতা আৰু পুৰণি নেতা সকলৰ অস্তিত্বৰ সংকটৰ বাবে হাৰ্দিকৰ সমস্যা হৈছে গুজৰাট (Gujarat)কংগ্ৰেছত। শেগতীয়াকৈ ৫ ৰাজ্যৰ নিৰ্বাচনৰ গুজৰাটত হাৰ্দিকৰ নেতৃত্বতেই কংগ্ৰেছে আগবাঢ়িছিল আৰু প্ৰচাৰসভাসমূহতো সকলোৰে দৃষ্টি হাৰ্দিকৰ ওপৰতেই থাকিছিল। তেতিয়াৰ পৰাই জ্যেষ্ঠ নেতাসকল হাৰ্দিকক লৈ শংকিত হৈ পৰে আৰু নানা সমস্যাৰ সৃষ্টি কৰে। ইয়াকে লৈ হাৰ্দিক পেটেল ৰাজ্যিক নেতৃত্বৰ প্ৰতি বীতশ্ৰদ্ধ হৈ পৰিছে। ফলত বিভিন্ন মহলত এই চৰ্চা আৰম্ভ হৈছে যে নিৰ্বাচনৰ আগে আগে হাৰ্দিকে বিজেপিত যোগদান কৰিব নেকি?

    বিভিন্ন স্থানত হাৰ্দিক পেটেলে কৈছে যে তেওঁ ৰাহুল বা প্ৰিয়ংকা গান্ধীৰ ওপৰত নহয়, গুজৰাট কংগ্ৰেছৰ সভাপতিৰ ওপৰতহে অসন্তুষ্ট। হাৰ্দিকে কয় যে তেওঁ কেইবাবাৰো তেওঁৰ কথা গুজৰাট কংগ্ৰেছৰ অধ্যক্ষক অৱগত কৰিছে যদিও ইয়াৰ কোনো ফল পোৱা নাই।
    Published by:Manjumoni Borah
    First published: